মহিলাযুৱ

বিছা মানৱ

বিছাৰ নিচিনা শুং থকা মানুহ দেখিছেনে? আছে। আমাৰ মাজতেই আছে। গাত লাগিলেই যেন ডাকি ডফলা ডফলী কৰিব!

তেওঁলোকৰ আকাৰ অৱয়ব ভিন্ন, ফুকলীয়া লৰাৰ পৰা আশী বছৰীয়া বুঢ়াও বিছা মানৱ হব পাৰে। হাটে বজাৰে, চিটি বাছ, টেম্পু, নাইবা ভিৰৰ মাজত এওঁলোকে নিজৰ টাৰ্গেট বিচাৰি আক্ৰমণ কৰে। বিছা মানৱৰ প্ৰধান টাৰ্গেট হৈছে কিশোৰী যুৱতী সকল, কিন্তু মহিলাও সদায় সাৰি যাব বুলি আশা কৰিব নোৱাৰি। বিছা মানৱে সাধাৰণ ভাৱেই আপোনাৰ ওচৰত ঠিয় হব, অাৰু ছেগ বুজি লাহেকৈ শুং কেইদাল উলিয়াই আপোনাৰ গাৰ বিশেষ অংগত ঘঁহনি খোৱাই দিব। সেই মুহূৰ্তত আপুনি ঘটনাৰ উমান নাপাওঁতেই বিছা মানৱে লাহেকৈ আপোনাৰ গাত তাৰ লেতেৰা শুং যুক্ত হাত থবলৈ চেষ্টা কৰিব। এই কাৰ্য্যৰ দ্বাৰাই ইহঁতে নিজৰ আসুৰিক কামনাক তৃপ্তি যোগায়। যদি আপুনি লাজ বা ভয়ত মনে মনে বহি থাকে, বিছা মানৱ বোৰে তেওঁলোকৰ আক্ৰমণ তীব্ৰতৰ কৰি যাব। বিছা মানৱৰ শুং লাগি ডাকিলে সেই বিষ গোটেই দেহত বিয়পি যাব পাৰে, আনকি মানসিক ভাৱে আপোনাক পংগু কৰি তুলিব পাৰে। অহৰহ এটা ভয়ে আপোনাৰ মনত থিতাপি লব পাৰে, কোনজন মানুহ, মানুহ আৰু কোনজন মানুহ বিছা। অৱশ্যে সদায় তেওঁলোকৰ কঁপাল ভাল নাথাকে, বহুতো সময়ত চৰ, লাঠি ভুকু খাই ঘুৰি আহিব লগা হয়। এনেকুৱা বিছা মানৱৰ পৰা সাৱধান, যতেই নাথাকক কিয়, ছেণ্ডেল এপাতেৰে গচকি এই বিছাক মাৰি পেলাব ভয় নকৰিব।

বিঃদ্ৰঃ – সমাজত দৈনিক ধৰ্ষণৰ ঘটনা সংঘটিত হয়, কিছুমান আমি গম পাওঁ, কিছুমান নাপাও। গম পালে দোষীক শাস্তি প্ৰদান কৰাৰ আহ্বান জনাওঁ। কিন্তু অগনন নাৰীয়ে দৈনিক এনেকুৱা ধৰণৰ মোলেষ্টেচন, চেক্সুৱেল এছল্ট সহিব লগা হয়, তাৰ হিচাপতো কোনে কৰিব? সাৱধানে থকাৰ বাহিৰেও কিবা উপায় আছেনে? এবাৰ ভাবি চাব।

This article is written by Bhavana Barman

Team Zillion Media

Zillion Media is a multilingual platform that produces and publishes original stories with an aim to inform, educate, and inspire young mindsets. Zillion Media helps and educates people about technology, history, entrepreneurship, business, environment, and more, through thoughtful, well-crafted, engaging, and informative content.

Related Articles

Back to top button