বিনোদনZillion প্ৰাইমবিশ্ব

“দ্য ফ’ৰ Amigos অৱ চিনেমা”

অ‌স্কাৰ ইতিহাসত ইউৰূপীয়ান চিত্ৰনিৰ্মাতাসকলে নিজৰ শ্ৰেষ্ঠত্ব সদায়েই প্ৰতিপন্ন কৰি আহিছে। চাৰ্লছ চেপলিনৰ পৰা আৰম্ভ কৰি ভিত্তৰিঅ’ ডে চিকা, ফ্ৰেডৰিক’ ফেলিনি, আন্দ্ৰে টাৰকভস্কি, ফ্ৰানছোৱা টুফ’লৈ, আৰু বৰ্তমান মাইকেল হানেক বা ক্ৰিষ্টফাৰ ন’লানেই হওক, সকলোৱেই ইতিমধ্যে নিজৰ নিজৰ শ্ৰেষ্ঠত্ব সদায়েই অক্ষুন্ন ৰাখি আহিছে। সেইবাবেই হয়তো শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ শিতানৰ লগতে শ্ৰেষ্ঠ ছবিৰ শিতানতো ইউৰূপীয়ান সকল একো একোজন মহীৰূহ হিচাপে বিশ্বখ্যাত। কিন্তু পঞ্চাশৰ দশকৰ পৰাই অঁ‌স্কাৰত লেটিন আমেৰিকান সকলেও সকলোকে হতচকিত কৰি আহিছে। এন্থনী কুইনে ১৯৫৩ চনত “ভিভা যাপাটা”ৰ বাবে লাভ কৰিছিল শ্ৰেষ্ঠ সহ অভিনেতাৰ অঁ‌স্কাৰ বঁ‌টা। লগে লগে তেওঁ পৰিগণিত হৈছিল অঁ‌স্কাৰ জয় কৰা প্ৰথমগৰাকী মেক্সিকান হিচাপে। একেদৰে ২০০২ চনত মুক্তিপ্ৰাপ্ত “ফ্ৰিডা”ৰ বাবে অঁ‌স্কাৰ মনোনয়ন লাভ কৰিছিল ছালমা হায়েকে। তেওঁ হ’ল শ্ৰেষ্ঠা অভিনেত্ৰীৰ শিতানত অঁ‌স্কাৰ মনোনয়ন লাভ কৰা প্ৰথমগৰাকী মেক্সিকান মহিলা। এনেধৰণৰ আৰু বহুতো বৰেণ্য মেক্সিকান শিল্পী আছে যিসললে নিজৰ কাৰ্যদক্ষতা আৰু নিপুণতাৰ জৰিয়তে অঁ‌স্কাৰৰ ৰেড কাৰ্পেটক গৌৰৱান্বিত কৰি আহিছে। এইসকলৰ ভিতৰত আছে কেটী হুৰাড’, এড্ৰিয়ানা বাৰাজা, এন্টনিঅ’ বেণ্ডেৰাছ, চিত্ৰগ্ৰহণকাৰী ৰড্ৰিগ’ প্ৰিয়েট’, সংগীত শিল্পী এনিঅ’ মৰিক’নী ইত্যাদি এইক্ষেত্ৰত অন্যতম। কিন্তু, এই আটাইবোৰৰ ভিতৰত চাৰিগৰাকী মেক্সিকানে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি আহিছে যোৱা ২০ বছৰৰ পৰা। অঁ‌স্কাৰৰ মজিয়াত তেওঁলোকৰ ছবিনিৰ্মাণক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়। সেইসকল হ’ল চিত্ৰগ্ৰহণকাৰী ইমানুৱেল লুবেস্কি আৰু পৰিচালক ত্ৰয় আলফনচ’ কুৱাৰ’ন, আলেহান্দ্ৰ গঞ্জালেজ ইনেৰিটু, আৰু গিয়ালাৰ্ম’ ডেল ট’ৰ’, হলিউদত যাক জনা যায় “দ্য থ্ৰী আমিগৌছ অৱ চিনেমা” (The three amigos of cinema) হিচাপে।

Emmanuel Lubezki, Mexican cinematographer

১) ইমানুৱেল লুবেস্কি (Chevo):

হলিউদত ছিৱ’ নামেৰে জনাজাত ইমানুৱেল লুবেস্কিয়ে নিজৰ অন্যতম চিত্ৰগ্ৰহণৰ বাবে জনাজাত। প্ৰতিটো শ্বটত কোনোধৰণৰ কৃত্ৰিম পোহৰৰ পৰিৱৰ্তে প্ৰাকৃতিক পোহৰ (Natural Light)ৰ ব্যৱহাৰ কৰি কেমেৰাৰে এক সুন্দৰ ভিজুৱেল স্পেকটেকল নিৰ্মাণ কৰাত নিপুণ চিত্ৰগ্ৰহণকাৰী হিচাপে পৰিচিত লুবেস্কিয়ে হলিউদৰ বিখ্যাত পৰিচালকৰ কাম কৰি আহিছে। ইয়াৰ ভিতৰত মাইক নিকলছৰ “দ্য বাৰ্ডকেজ”, টিম বাৰ্টনৰ “শ্লিপি হ’লৌ”, টেৰেঞ্ছ মেলিকৰ “দ্য নিউ ৱৰ্লড”, মাইকেল মেনৰ “আলী”, জ’ৱেল আৰু ইথান ক’ৱেন এইক্ষেত্ৰত অন্যতম। কিন্তু, ইমানুৱেল লুবেস্কিয়ে হলিউদৰ দৃষ্টি আকৰ্ষণ কৰে ১৯৯৪ চনৰ অন্য এগৰাকী মেক্সিকান ছবি পৰিচালক আলফনচ’ কুৱাৰ’নৰ “দ্য লিটিল প্ৰিঞ্চেছ”ৰ জৰিয়তে। ছবিখনৰ বাবে তেওঁ‌ লাভ কৰিছিল প্ৰথমটো অঁ‌স্কাৰ মনোনয়ন শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ শিতানত। ইয়াৰ পিছত টিম বাৰ্টনৰ ডাৰ্ক ফেন্টাছি “শ্লিপী হলৌ”(১৯৯৭)ত তেওঁ কাম কৰে। এই ছবিখনৰ বাবেও তেওঁ লাভ কৰে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ অঁ‌স্কাৰ মনোনয়ন। এনেদৰে হলিউদত নিজৰ যাত্ৰা অব্যহাত ৰাখে লুবেস্কিয়ে। তেওঁ বৰ্তমানলৈ মুঠ ৮ বাৰ অঁ‌স্কাৰৰ দৌৰত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত একেলেথাৰিয়ে তিনিবাৰকৈ অঁ‌স্কাৰ জয় কৰা ইমানুৱেল লুবেস্কি হ’ল সৰ্বকালৰ একমাত্ৰ ব্যক্তি। ২০১৪ চনত “গ্ৰেভিট”, ২০১৫ চনত “বাৰ্ডমেন” আৰু ২০১৬ চনত “দ্য ৰেভেনেন্ট”ৰ বাবে তেওঁ এই বঁ‌টা লাভ কৰে। ২০০৬ চনত মুক্তিপ্ৰাপ্ত “চিলড্ৰেন অৱ মেন” ছবিখনত কৰা অভূতপূৰ্ব ছিংগল শ্বট চিকুৱেন্স বোৰৰ বাবে ইমানুচেল লুবেস্কিক এজন দক্ষ চিত্ৰগ্ৰহণকাৰী হিচাপে স্বীকৃতি দিয়া হয়।

Alfonso Cuarón
Alfonso Cuarón

২) আলফনচ’ কুৱাৰ’নঃ

এখন ছবিত মুঠ কিমানটা শ্বট থাকিব পাৰে? সেয়া হয়তো আমাৰ কল্পনাৰো বাহিৰত। প্ৰতিটো এংগলৰ পৰা লাইটিঙ আৰু প্ৰডাকছন ডিজাইনৰ পৰা সংলাপ আৰু চিত্ৰনাট্যৰ প্ৰতিটো শাৰীলৈ ছবি এখনত অগনন শ্বট বা দৃশ্যাংশ থাকিব পাৰে। কিন্তু আপোনালোকে জানে নে, আলফনচ’ কুৱাৰ’ন এনে এগৰাকী ছবি পৰিচালক যিয়ে একো একোটা শ্বট ছয় সাত মিনিটলৈ একেলেথাৰিয়ে চলাই নিব পাৰে। হয়, “গ্ৰেট এক্সপেকটেছন”ৰ পৰা “হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আযকাবান”লৈ আলফনচ’ কুৱাৰ’নে ছবি নিৰ্মাণৰ এক নতুন দিশ মুকলি কৰিছিল। অৱশ্যে তেখেতৰ পূৰ্বেও হলিউদত ছিংগল শ্বট চিকুৱেন্সৰ প্ৰয়োগ বহুতেই কৰিছে। অঁ‌স্কাৰৰ দৌৰত আলফনচ’ কুৱাৰ’নে প্ৰথম পদাৰ্পণ কৰিছিল “দ্য লিটিল প্ৰিঞ্চেছ”ৰ জৰিয়তে। তাৰ পিছত তেখেতৰ “গ্ৰেট এক্সপেকটেছন”, “হেৰী পটা ৩” আদি ছবি বহুলভাৱে সমাদৃত হয়। কিন্তু এই আটাইবোৰ ছবিৰ ভিতৰত তেখেতৰ অন্যতম ছবি দুখন হ’ল “চিলড্ৰেন অৱ মেন”(২০০৬) আৰু “গ্ৰেভিটি”(২০১৩)। “চিলড্ৰেন …” ছবিখনে ২০০৭ বৰ্ষৰ অঁ‌স্কাৰ দৌৰত তিনিটকৈ মনোনয়ন লাভ কৰিছিল। ছবিখনত সংযোজিত হোৱা অভুতপূৰ্ব কাৰিকৰী কৌশলৰ সাফল্যত মন্ত্ৰমুগ্ধ হৈছিল দৰ্শক সমালোচক উভয়ে। ছবিখনক বছৰটোৰ অন্যতম শ্ৰেষ্ঠ ছবি তথা সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ছাই ফাই ছবিৰূপে গণ্য কৰা হয়। ভৱিষ্যৎ সময়ৰ ওপৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছিল ক্লাইভ অ’ৱেন, জুলিয়ান মুৰ, মাইকেল কেইন আদিয়ে। একেদৰে ২০১৩ চনত মুক্তিপ্ৰাপ্ত “গ্ৰেভিটি”ও আছিল এখন মাষ্টাৰপিছ। ছান্দ্ৰা বুলক আৰু জৰ্জ ক্লুনী অভিনীত ছবিখন আছিল এখন স্পেছ থ্ৰীলাৰ। ছাৰ্ভাইভেল ড্ৰামাৰূপে পৰিগণিত হোৱা “গ্ৰেভিটি”য়ে সেইবছৰ লাভ কৰিছিল অঁ‌স্কাৰ বঁ‌টা। আলফনচ’ কুৱাৰ’নে লাভ কৰিছিল শ্ৰেষ্ঠ পৰিচালকৰ বঁ‌টা। প্ৰায় আটাইবোৰ কাৰিকৰী দিশৰ অঁ‌স্কাৰ জয় কৰা “গ্ৰেভিটি” বক্স অফিচতো সফল হৈছিল। একেদৰে গ’লডেন গ্ল’ব আৰু বাফটা বঁ‌টাও গ্ৰেভিটিয়ে বুটলিবলৈ সক্ষম হৈছিল। ছিংগল শ্বটৰ মাষ্টাৰ হিচাপে আলফনচ’ কুৱাৰ’ন বিশ্ব চলচ্চিত্ৰৰ এজন অন্যতম শ্ৰেষ্ঠ পৰিচালক হিচাপে জনপ্ৰিয়।

Alejandro González Iñárritu
Alejandro González Iñárritu

৩) আলেহান্দ্ৰ গঞ্জালেজ ইনেৰিটুঃ

ওপৰত উল্লিখিত দুয়োগৰাকীৰ উপৰিও ইনেৰিটু ও এগৰাকী মেক্সিকান। বিভিন্ন ধৰণৰ এলিমেন্টৰ দ্বাৰা ছবি নিৰ্মাণ কৰাতো ইনেৰিটুৰ এক কলা। তেওঁৰ ২০০৬ চনত মুক্তিপ্ৰাপ্ত “বেবেল” ছবিখনে পাঁ‌চটাকৈ অঁ‌স্কাৰ মনোনয়ন লাভ কৰে। তাৰ পিছত ২০০৭ চনৰ “বিউটিফুল” ছবিখনেও লাভ কৰে কেইবাটাও অঁ‌স্কাৰ মনোনয়ন। কিন্তু তেওঁ কেৰিয়াৰৰ বৃহৎ সফলতা লাভ কৰে ২০১৪ চনত মুক্তিপ্ৰাপ্ত “বাৰ্ডমেন অৰ দ্য আনএক্সপেকটেড ভাৰ্ছু অৱ ইগন’ৰেন্স”ৰ বাবে। ছবিখনে লাভ কৰে শ্ৰেষ্ঠ ছবিৰ লগতে শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ চাৰিটাকৈ অঁ‌স্কাৰ বঁ‌টা। এজন নাট্য জগত অভিনেতাৰ আধাৰত নিৰ্মিত “বাৰ্ডমেন” আছিল এখন সেই বৰ্ষৰ অন্যতম জনপ্ৰিয় ছবি। ছবিখনত অভিনয় কৰিছিল মাইকেল কিটন, জেক গালফিনাকিছ, এম্মা ষ্টোন, এডৱাৰ্ড নৰ্টন, নাউমি ৱাটছ আদিৰ দৰে হলিউদৰ কিছুমান ডাঙৰ অভিনেতা অভিনেত্ৰীয়ে। একেদৰে ২০১৫ চনত মুক্তিলাভ কৰে “দ্য ৰেভেনেন্ট”য়ে। লিঅ’নাৰ্ডি ডিকেপ্ৰিয় আৰু টম হাৰ্ডী অভিনীত এইখন আছিল এখন অন্যতম শ্ৰেষ্ঠ ছবি। বুৰঞ্জীভিত্তিক ছবিখন আছিল প্ৰখ্যাত চিকাৰী হিউ গ্লাছ আৰু তেওঁৰ দলৰ সদস্য ফিটছজেৰালডৰ বিশ্বাসঘাটকতাৰ ওপৰত নিৰ্মিত। ছবিখনে লাভ কৰিছিল তিনিটাকৈ অঁ‌স্কাৰ লগতে বিভিন্ন অন্যান্য চলচ্চিত্ৰ বঁ‌টা। লিঅ’নাৰ্ড ডিকেপ্ৰিয়ই লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ অঁ‌স্কাৰ উক্ত ছবিখনৰ বাবে। ইনেৰিটুই সেইবছৰো লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁ‌টা। লগে লগে তেওঁ পৰিগণিত হয় একেলেথাৰিয়ে দুবাৰকৈ শ্ৰেষ্ঠ পৰিচালকৰ অঁ‌স্কাৰ লাভ কৰা তৃতীয়জন ছবি পৰিচালক।

Guillermo del Toro

৪) গিয়াৰ্মো ডেল ট’ৰঃ

২০০১ চনত মুক্তিপ্ৰাপ্ত “দ্য ডেভিলছ বেকব’ন”ৰ পৰিচালনাৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰে ডেল ট’ৰই। এজন একছন ছবিনিৰ্মাতা ৰূপে পৰিচিত ডেল ট’ৰৰ ছবিৰ মূল বিষয়বস্তুৰ ভিতৰত ফেন্টাছী ছবিও অন্তৰ্গত। ২০০৭ চনত মুক্তিপ্ৰাপ্ত “পান লেব্ৰিন্ঠ”ৰ পৰিচালনাৰ জৰিয়তে ডেল ট’ৰই অঁ‌স্কাৰত পদাৰ্পণ কৰে। ছবিখনে তিনিটাকৈ অঁ‌স্কাৰ বঁ‌টাৰ লগতে বিভিন্ন ধৰণৰ চলচ্চিত্ৰ বঁ‌টা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। স্পেনিছ আৰু ইংৰাজী ভাষাত নিৰ্মিত ছবিখন এখন ফেন্টাছী ছবি আৰু ছবিখনৰ আৰ্ট ডাইৰেকছনৰ লগতে মেক আপে দৰ্শক তথা সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। এগৰাকী একছন ছবি পৰিচালক হিচাপে তেওঁৰ প্ৰতিভা “ব্লেড ২”, “পেছিফিক ৰিম”ৰ দৰে ছবিত দেখা পোৱা যায়। ২০১৭ বৰ্ষত মুক্তিলাভ কৰে “দ্য শ্বেপ অৱ ৱাটাৰ”য়ে। লগে লগে ছবিখন বছৰটোৰ অন্যতম শ্ৰেষ্ঠ ছবিৰূপে পৰিগণিত হয়। ২০১৮ ৰ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা গলডেন গ্ল’বত ডেল ট’ৰৱে লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁ‌টা। লগতে এইবৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হ’বলগা অঁ‌স্কাৰ বঁ‌টাতো ছবিখনে লাভ কৰে মনোনয়ন। শ্ৰেষ্ঠ ছবিৰ লগতে শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী (ছেলী হকিন্স), শ্ৰেষ্ঠ সহ অভিনেতা (ৰিছাৰ্ড জেনকিন্স) আৰু শ্ৰেষ্ঠ মৌলিক সংগীত (আলেকজেন্দ্ৰে ডেছপ্লাট)ৰ শিতানতো লাভ কৰে মনোনয়ন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button