ভ্ৰমণ কাহিনীঃ ছেৱক, শিলিগুড়ি, ২৩ ডিচেম্বৰ, ২০২১

ৰাতিপুৱা হঠাৎ মনস্থ কৰিলোঁ আজি এখন ধুনীয়া ঠাইলৈ গৈ কিছু সময় কটাম। শিলিগুড়িৰ ওচৰে পাজৰে পাহাৰীয়া ঠাই নেদেখি ভাবিলো ছেৱক (Sevoke) লৈ যাম, কাৰণ মেপত দেখিলো, ছেৱকত তিস্তা নদীৰ পানী ভাগ হৈছে, Coronation bridge ও আছে। মুঠতে ভাল লাগিব। আৰু উভতি আহোঁতে ওচৰৰ চাহবাগান দুই এখনতো কিছু সময় পাৰ কৰিম।
P.C. Mittal বাছ আস্থানৰ পৰা বাছত উঠিব খুজিলোঁ যদিও মূৰকত উঠা নহ’ল। মোৰ লগত আছিল cash 80 টকা আৰু Inu Etc ৰ লগত নাছিল এটকাও। ভাবিছিলো, ছেৱক ঠাইখনিত হয়তো এটা দুটা ATM নিশ্চয় থাকিব। গতিকে শিলিগুড়িত থাকোতে ATM লৈও যোৱা নহল।
জগৰটো লাগিল পিছতহে। ছেৱকত নামি চালোঁ ক’তো দোকান পোহাৰ নাই। এখন দুখন আছে সৰু সুৰা দোকান, কিন্তু PhonePe বা Google Pay নাপালো প্ৰথমাৱস্তাত। মানুহেই নাই ওচৰে পাজৰে। Inu ৰ যিহে খঙ ভুলটোও মোৰেই। মই কলো, মই ভাবিছিলো …! ভাবিলেই হয় নেকি। আৰু ইটো সিটো কৈ গ’ল কিছুপৰ।
আমি গাড়ীত উঠিম ফুটা কড়িও নাই লগত। মই কলো আমি শিলিগুড়িত নামিও দিব পাৰিম, সি নামানেও। আমি খোজকাঢ়িয়েই উভতি আহিব ধৰিলো। ভয়ো লাগিল, লানি নিছিগা গাড়ীৰ আহ যাহ। তাকো একা বেকা পাহাৰীয়া ঠাই। ৰাস্তাৰ কাষেৰে খোজকঢ়া মানে মৃত্যুক হাতৰ মুঠিত লৈ ফুৰাৰ লেখিয়া কথা আৰু। Coronation bridge ৰ পৰা প্ৰায় ১০০-১৫০ মিটাৰ মান খোজকাঢ়ি আহি এঠাইত পাহাৰৰ এঢলীয়া ঠাইত কেইখনমান ফ’টোও উঠিলো। সি তেতিয়াও গালি পাৰিয়েই আছে মোক। মইও মানুহজন ভিতৰি একদম শূন্য হৈ পৰাৰ দৰে হৈ পৰিলোঁ (যদিও তাক কৈ গ’লো চিন্তা কৰিব নালাগে)।
ফ’টো কেইখনমান লোৱাৰ পিছত পুনৰ খোজকাঢ়িয়েই আগুৱাই আহিবলৈ ধৰিলো আৰু কোনোবাই PhonePe / GPay ত পইচা লৈ আমাক cash দিব পাৰিব নেকি বিচাৰিলোঁ। হঠাৎ চকুত পৰিল এখন দোকানত PayTM ৰ UPI id ওলমোৱা। চকুৱে মুখে হাঁহি বিৰিঙাবলৈ ধৰিলে। তাতে চাহ তাহ অলপ খাই পইচা অলপ বেছিকৈ দি নগদ আনিব বুলি থিৰাং কৰিলোঁ। কফি খালো, কেক খালো। এতিয়া পইচা দিয়াৰ পাল। Scan কৰিলোঁ, নেটৱৰ্ক নাই। নাই মানে একদম শূন্য। মহা মুস্কিল। মই চেষ্টা কৰিলোঁ, সিও কৰিল। একো কামত নিদিলে।
কিছু সময় তেনেদৰে ব্যৰ্থ প্ৰয়াস কৰাৰ পিছত হে উপায় বিচাৰি পালোঁ। ভাবিলো, দূৰৰ বন্ধু এজনক কৈ পইচাখিনি দিয়াৰ ব্যৱস্থা কৰি দি ইয়াৰ পৰা উদ্ধাৰ পাই ৰূমলৈ গৈ সেয়া পৰিশোধ কৰিব পাৰিম। চিনাকি দুই এজনলৈ ফোন কৰিলোঁ পিছে কামত নিদিলে। ইনুৱে তেওঁৰ মুম্বাইৰ বন্ধু এজনলৈ ফোন কৰিলত সি পইচা দি দিলে দোকানীৰ UPI ID ত। কিন্তু জগৰটো এতিয়াহে লাগিল ভালদৰে।
মুম্বাইৰ বন্ধুজনে পইচা দি Screenshot খন ইনুৰ WhatsApp ত দিলে ঠিকেই কিন্তু দোকানীক দেখুওৱাবলৈ সেইখন Download কৰিব পৰা নগ’ল। বহুত বেয়া লাগি থাকিল। চিন্তাও বাঢ়ি আহিল কাৰণ ৰাতি হৈ আহিছিল। ৰাস্তাও একা – বেকা, যদিও ২-৩ কিঃমিঃ খোজকাঢ়ি আহিলেই পাহাৰৰ পৰা সমতল ঠাইলৈ আহিব পৰা যাব। তাৰ পৰা শিলিগুড়ি চহৰলৈ অহাটোও খুব টান অহা খুবেই আত্মঘাতী সিদ্ধান্ত হৈ যাব পাৰে।
তথাপিও প্ৰথমাৱস্তাত ভাবিছিলো, হয়তো কিছুদূৰ গ’লেই বাট মুকলি হৈ যাব অথবা দুই এখন দোকান থকা ঠাই পাম য’ৰ পৰা আমি বাছত উঠিব পাৰিম। কিন্তু ১০০ মিটাৰ মান গৈ ভয় খালো। এবাৰ ডাম্পাৰ এখনে অলপৰ বাবে খুন্দিয়াই থৈ নগ’ল। পুনৰ উভতি গৈ সেইখন ঠাইলৈ গৈ সেই দোকানখনৰ আগৰ পৰা বাছত উঠি গন্তব্যস্থান পালোঁ।