শিক্ষা
উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল বিদ্যালয়ৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মন

উৎকোচ লবলৈ গৈ গ্ৰেপ্তাৰ হ’ল নলবাৰীৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মন । নিজা কাৰ্যালয়তে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ হ’ল বিষয়াগৰাকী। নলবাৰী জিলাৰ বৰভাগৰ এখন বিদ্যালয়ৰ নিৰ্মাণৰ বাবদ অহা ধনৰ কমিছন বিচাৰিছিল জ্যোৎস্না ৰানী বৰ্মনে।
কামটোৰ বাবদ পৰিদৰ্শক গৰাকীয়ে বিচাৰিছিল ৫০ হেজাৰ টকা। আগধন হিচাপে বিচাৰিছিল ১৫ হেজাৰ টকা। সেই আগধন লৈ থকাৰ মুহূৰ্ততে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় পৰিদৰ্শক গৰাকীক।
Courtesy – Jayantakumar Das