
ছোৱালী এগৰাকী অথবা এগৰাকী নাৰীৰ ব্যক্তিগত চৰিত্ৰ হননৰ পৰা ধর্ষণ, গণ ধর্ষণৰ ভাবুকি প্ৰদান কৰাটো তেওঁলোকৰ বাবে একেবাৰে সাধাৰণ তথা সহজ কথা। আচৰিত ধৰণে সেইসকল ধর্ষণকাৰী প্ৰতি প্ৰগতিশীল সমাজ, প্ৰশাসনো নীৰৱ, উদাসীন। হয়তো তেওঁলোকৰ দৃষ্টিত এইটো খুব ডাঙৰ অপৰাধ নহয় অথবা গতানুগতিক।
সংগ্ৰামৰ যুঁজখনত বহুত বাৰ মানসিকভাৱে ধৰ্ষিতা হৈছোঁ। ব্যক্তিগত চৰিত্ৰ হননৰ পৰা মুকলিকৈ ধর্ষণ, গণধৰ্ষণৰ ভাবুকি – এবাৰ দুবাৰ অথবা এজন-দুজনৰ পৰা নহয়, বহুতবাৰ বহুজনৰ পৰা পাই কেতিয়াবা খঙত, ক্ষোভত, একো কৰিব নোৱাৰাৰ অসহায়তাত ভাগি পৰিছোঁ, কেতিয়াবা ন্যায় বিচাৰি প্ৰশাসনৰ কাষ চাপিছোঁ। এই শ্ৰেণীৰ ধর্ষণকাৰীসকলৰ সংখ্যা এজন -দুজন নহয়, গতিকে কিমানৰ বিৰুদ্ধে যুঁজ দিম বুলি কেতিয়াবা এৰি দিবলৈ বাধ্য হৈছোঁ।
অভিজ্ঞতাৰ পৰা কৈছোঁ আৰু এইটো যথেষ্ট দুখৰ বিষয় যে, এই যুঁজখন অকলেই যুঁজিবলগীয়া হয়। সহানুভূতি আৰু Solidarityবোৰো বেছিভাগ ক্ষেত্ৰতে সামাজিক মাধ্যমতেই সীমাৱদ্ধ। প্ৰয়োজনত, সময়ত মাৰ বান্ধি লগত থিয় দিয়া মানুহৰ অভাৱত এই যুঁজখনত অৱশেষত হাৰ মানিবলগীয়া হয়, যিটোৱে যথেষ্ট মানসিক কষ্ট দিয়াৰ লগতে হতাশাত ভুগিবলৈ বাধ্য কৰে।
এয়া কেৱল ৰেহনা, শিখা, কৰিশ্মা অথবা পূজাৰ লগতেই নহয়, কম-বেছি পৰিমাণে প্ৰায় প্ৰত্যেকগৰাকী সংগ্ৰামী ছোৱালী, নাৰীয়ে এইশ্ৰেণীৰ ধর্ষণকাৰী পুৰুষৰ হাতত বাৰে বাৰে মানসিকভাৱে ধৰ্ষিতা হ’বলগীয়া হয়। যেতিয়ালৈকে আপুনি ইয়াক অপৰাধ বুলি গণ্য নকৰিব, যেতিয়ালৈকে আপুনি এইসকল অপৰাধীৰ প্ৰতি উদাসীন হৈ থাকিব, তেওঁলোকৰ বিৰুদ্ধে কোনো পদক্ষেপ নল’ব, তেওঁলোকৰ সংখ্যা বাঢ়িয়েই গৈ থাকিব। আজি অকল ভাবুকি দিয়াই নহয়, কাইলৈ তেওঁলোকে হয়তো সঁচাসচিকৈ ধৰ্ষণো কৰি পেলাব আৰু তাৰ পাছত সেইসকল ধৰ্ষণকাৰীকেই আকৌ সুৰক্ষা দিবলৈ ধর্ষণকাৰী সমাজখনেই ৰাজপথলৈ ওলাই আহিব আৰু তেতিয়া আপোনাৰ মোৰ ভূমিকা মম জ্বলাই প্ৰতিবাদ কৰাতেই সীমাৱদ্ধ থাকিব।