বাংগালোৰত হাউলীৰ ছাত্ৰী জেচমিনাৰাক ধৰ্ষণ কৰি হত্যা: মূল অভিযুক্ত আনিচুৰ ৰহমানক আটক

বাংগালোৰত বি এচ চি নাৰ্চিং পঢ়িব যোৱা হাউলীৰ নগৰঝাৰৰ জেচমিনাৰা আখতাৰ নামৰ ছাত্ৰী গৰাকীৰ কালি ৰহস্যজনক ভাৱে মৃত্যু হৈছিল ৷ ছোৱালী গৰাকীয়ে বাংগালোৰৰ এখন শিক্ষানুষ্ঠানত বি এচ চি নাৰ্চিংৰ বাবে নামভৰ্তি কৰিছিল ৷ নামভৰ্তি কৰাৰ পিছত পৰিয়ালৰ লোকে চাৰিদিন পূৰ্বে জেচমিনাৰা আখতাৰক শিক্ষানুষ্ঠানখনত থৈ আহে যদিও কালি দিনৰ ভাগত ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ ৷ যুৱতী জেছমিনা আখটাৰক অসমৰে গোৱালপাৰাৰ লক্ষীপুৰৰ পাষণ্ড আনিছুৰ ৰহমান আৰু দুজন তেওঁৰ সতীৰ্থই ধৰ্ষণ কৰি হত্যা কৰিছিল বুলি অভিযোগ উঠিছে । উক্ত কাণ্ডৰ মূল অভিযুক্ত আনিছুৰ ৰহমানক ইতিমধ্যে বাংগালোৰ আৰক্ষীয়ে ততাতৈয়াকৈ আটক কৰিবলৈ সক্ষম হৈছে । আনহাতে, এই হত্যাকাণ্ডৰ লগত জড়িত সকল যাতে কোনোপধ্যে সাৰি নাযায় আৰু তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰা হয় তাৰবাবে পৰিয়ালৰ লোকসকলৰ লগতে ৰাইজে দাবী তুলিছে ৷
