ৰাজনীতি
কৃষক আন্দোলনৰ সমৰ্থন কৰি পঞ্জাৱৰ ডিআইজি চৰ্দাৰ লক্ষমিন্দৰ সিং জাখৰৰ পদত্যাগ

দিল্লীত অব্যাহত কৃষক আন্দোলন। কৃষক আন্দোলনক সমৰ্থন কৰি বঁটা চৰকালৈ ঘুৰাই দিয়াৰ পিছত এইবাৰ পঞ্জাৱ চৰকাৰলৈ এই মুহুৰ্তত পদত্যাগ পত্ৰ প্ৰেৰন কৰিছে শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে।
আৰক্ষী বিষয়া গৰাকীৰ এনে কাৰ্যই বিশেষ চৰ্চা লাভ কৰিছে । তেওঁ কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰা কৃষকসকলক সমৰ্থন জনায়।
পদত্যাগ কৰি জাখৰে কয়,
“মই প্ৰথমে এজন খেতিয়ক, তাৰ পিছত এজন পুলিচ অফিচাৰ । আজি মই যিখন চকীত বহি আছো সেইটো কেৱল এই বাবে সক্ষম হৈছে কাৰণ মোৰ দেউতা এজন খেতিয়ক আছিল ।”