
স্বাভাৱিকতে আগন্তক লোকপিয়ল (Population census 2021) চৰ্চাৰ বিষয় হোৱাৰে কথা যদিও যোৱা কেইটামান বছৰত যি সাম্প্ৰদায়িকতাৰ ভয়াবহতা দেখিবলৈ পাইছো, বিশেষকৈ সাম্প্ৰতিক সময়ছোৱাত যি দেখি আছো সেয়া খুবেই চিন্তনীয় আৰু ৰাজ্যখনৰ বাবে নেতিবাচক। স্বাধীনতাৰ পিছৰে পৰা ভাষাৰ যি সংঘাত অসমত চলি আহিছে, বিশেষকৈ অসমীয়া ভাষা আৰু বাংলা ভাষাৰ মাজৰ পৰা যিকোনো এটাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়া নিদিয়াক লৈ, তাক যিমান সোনকালে সম্ভৱ শেষ কৰাটোৱেই সাম্প্ৰতিক সময়ৰ এটি অতি জৰুৰী ও গধুৰ দায়িত্ব। “কিয় ইমান দিনেও ইয়াৰ সমাধান হোৱা নাই” বুলি যদি প্ৰশ্ন কৰা হয় তেতিয়া সমালোচনাৰ সন্মুখীন হব অসমৰ বহু আগশাৰী নেতা-পালিনেতা তথা জাতীয়তাবাদী শিবিৰ। অৱশ্যে ইয়াৰ বাবে অন্যতম দায়ী অসম সাহিত্য সভা। কাৰণ, অসম সাহিত্য সভাই আজিলৈ অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰাটো অতিকৈ লজ্জাজনক। ইয়াৰ আঁৰত ৰাজনৈতিক চক্ৰটোৰ হাত আছে বুলি আমাৰ ধাৰণা। সময়ে-সময়ে যিদৰে অসমৰ কেইবাজন বিশিষ্ট বুদ্ধিজীৱীৱে যি দুই এটা মন্তব্য দি ইয়াক জনমানসত দাঙি ধৰিছে তাক সাহিত্য সভাই গ্ৰহণ নকৰাটোৱে এই বিষয়ত অসম সাহিত্য সভাৰ দায়িত্ব আৰু কৰ্তব্যত সন্দেহৰ আৱৰ্তত টানি আনিছে।
শেহতীয়াকৈ অসমৰ মিঞা সমাজৰ মাজৰ পৰা বহুতেই এই বিষয়ত যি স্থিতি লৈছে সেয়া নিশ্চয় এটি ধনাত্মক দিশ। বহুতেই কৈছে যে “চলো পাল্টাই” জাতীয় আন্দোলনে অসমৰ বৃহত্তৰ মিঞা জনগোষ্ঠীটোক পিছলৈ লৈ যাব। আওপকীয়াকৈ কৈছে যে অসমীয়া ভাষাক বিনা দ্বিধাই অসমৰ মিঞাই আকোৱালি ল’ব লাগে। ইয়াত মন কৰিবলগীয়া কথাটো হ’ল এয়ে যে অসমত “চলো পাল্টাই” নামৰ যি অভিযান চলিছিল তাত দুষ্ট চক্ৰৰ হাত আছে বুলি কৈ এচামে মিঞাৰ কটা ঘাত নিমখ চটিয়াই আছে। কাৰণ চলো পাল্টাই কোনো পৰিকল্পিত অভিযান নাছিল, ই আৰম্ভ হৈছিল সংখ্যাগৰিষ্ঠ জাতীয়তাবাদী চক্ৰৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হিচাপে। ইয়াৰ উদ্যোক্তা সকলে (হয়তো) আশা কৰিছিল, ভাষা লাগিলে অসমীয়াই হওক কথা নাই কিন্তু এই বৃহত্তৰ জাতিটোৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ হ’ব লাগে। কিন্তু তাক যিদৰে ভুল ব্যাখ্যা কৰি আগবঢ়াইছে কিছু মিঞাই সেয়া দুৰ্ভাগ্যজনক। বাৰে বাৰে কৈ থকা হৈছে, অসমীয়া ভাষা ত্যাগ কৰিলে এই জাতিটোৰ বাবে খুবেই ভয়ংকৰ পৰিস্থিতি এটাৰ সৃষ্টি হ’ব পাৰে (যিটো নুই কৰিব নোৱাৰি কাৰণ নেলী, ছমৰীয়া, চাউলখোৱা আদি ঠাইত হেজাৰ হেজাৰ নিৰীহ মিঞাক শেষ কৰিছিল অসমৰ গৰিষ্ঠসংখ্যক জনগাঁথনিৰ উগ্ৰ জাতীয়তাবাদী শিবিৰে)। গতিকে যি পাই আছে সেইখিনি আগন্তক দিনত পাই থাকিবলৈ অন্তঃত এইক্ষেত্ৰত অসমীয়া ভাষাক মাতৃভাষা হিচাপে আঁকোৱালি ল’ব লাগে। যুক্তিটো খুবেই হাস্যকৰ। উদাহৰণস্বৰূপে, এখন কাৰখানাত এটি শিশুৱে কাম কৰে। কাৰখানাৰ মালিকজন উগ্ৰমেজাজী, অহংকাৰী আৰু জেদী। শিশুটিক চাউল-পানী মন গ’লে দিয়ে, মন নগ’লে নিদিয়ে। পেটে ভাতে খাই কোনোমতে জীয়াই আছে শিশুটি। শিশুটিৱে অলপ ডাঙৰ হৈ প্ৰতিবাদ কৰিলত তাক বুজনি, প্ৰাপ্যখিনি আদায় দিয়াৰ সলনি দাবী ধমকিৰে চুপ কৰাই দিলে। সমস্যা ইয়াতেই, মালিকে শিশুটিক নিজৰ বুলিও নলয়, তাক মুক্তিও নিদিয়ে, তাক প্ৰাপ্যখিনিও নিদিয়ে অথচ কিবা দাবী কৰিলেও ভাবুকিহে পায়।”
বিগত দিনবোৰত মিঞাৰ কোনকেইটা বাদ দিয়ক কোনটো দাবীক অসমৰ জাতীয়তাবাদী শিবিৰে বা সিহঁতৰ প্ৰভুত্বক সমীহ কৰা চৰকাৰখনে মানিছে। যিসময়ত কিছু শিক্ষিত মিঞাই বাকী মিঞাক বাৰে বাৰে “হয় হুজুৰ” নীতিৰে পতিয়ন নিবলৈ অহৰহ চেষ্টা কৰি আহিছে, সেইসময়ত চৰকাৰৰ মন্ত্ৰী-বিধায়কে এই মানুহখিনিক (উচটনি দিয়াৰ বাবেই হওক বা ঘৃণাৰ বাবেই হওক) বাংলাদেশী বুলি স্বীকৃতি দিয়া, সিহঁতৰ ঘৰ-বাৰী ভাঙি দি তাত খেতি কৰিছে, অসমৰ বুদ্ধিজীৱী সমাজে নিৰৱে সেইবোৰ চাই আছে (সিহঁতেও কমপক্ষে এইমানুহখিনিক প্ৰাপ্য সন্মান দিলেও কিজানি চলো পাল্টাই জাতীয় কথাবোৰৰ উদয় নহ’লহেঁতেন) সেই সময়ত কেনেদৰে আমি কম যে তোমালোকে অসমীয়া ভাষাক, অসমীয়া পৰিচয়ক বুকুত সাবটি বহি থাকা? পৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰতেই চাওঁক, সম্পৰ্ক ভাল নহ’লে তালাক দিয়ে, কোনেও হাজাৰ বোজা মূৰত লৈ সংসাৰ নকৰে। দুই এটা সৰু বৰ কথা এৰাই চলাটো চলিব পাৰে কিন্তু আমি সকলো আঁকোৱালি লৈ টেটুফালি চিৎকাৰ কৰিও অসমীয়া হ’ব নোৱাৰিলো, এতিয়া পৰিচয় বুলিবলৈ কিবা এটাতো লাগিব। কমপক্ষে, Majority community য়ে এই মানুহখিনিক আঁকোৱালি লৈ চৰকাৰক জনাব লাগিছিল। কিন্তু তেনেকুৱা কৰিছে জানো? নকৰে। কাৰণ কিছুমান মানুহে অন্যৰ দুখতো হাঁহিব জানে। এই জাতিৰ শিক্ষা-দীক্ষাৰ কথা, উত্তৰণৰ কথা বহুতেই নিবিচাৰে। গতিকে বেছি আশা কৰাও নাই কিন্তু এইখিনি আশাতো অসমৰ মিঞা সমাজে কৰিব পাৰে। অসমৰ কৃষিক্ষেত্ৰত যিদৰে নিজৰ কপালত ঘাম মাটিত পেলাই মিঞাই অৰিহণা যোগাইছে দৃঢ়ভাৱে কওঁ অন্য কোনো জাতিয়েই নোৱাৰে। অথচ মিঞাই “ৰাসায়নিক জেহাদ” কৰিছে, “বাংলাদেশীৰ বিচৰণ” আদি বহু কটু কথাই অসমৰ মিঞাই শুনিছে। অথচ নিমাত অসমৰ বুদ্ধিজীৱী, অসমৰ সংবাদ প্ৰতিষ্ঠান, অসমৰ সাহিত্যিক, সমালোচক আদি সকলো। আনকি, অসম সাহিত্য সভাইও আগবাঢ়ি নাহে এইবোৰত। কিন্তু, এতিয়া আহিব সিহঁত, ঠাইয়ে ঠাইয়ে সভা-আলোচনাচক্ৰ পাতিব। মিঞাক ব্লেকমেইল কৰি অসমীয়া ভাষাক সংকটমুক্ত কৰি পুনৰ অৱহেলিত অৱস্থাত এৰি দিব (যিদৰে কিছু দুষ্ট চক্ৰই সৰল সহজ মানুহৰ পৰা টিপচহী লৈ সিহঁতৰ সৈতে প্ৰতাৰণা কৰে)।
এতিয়া কথাটো হ’ল, বিতৰ্কৰ বাবে কথাখিনি লিখা নাই। অসমীয়া ভাষা লৈ যিমান চিৰিয়াছ মিঞা, তাৰ সিকিও চিৰিয়াছ দেখা নাই খিলঞ্জীয়াক। হয়তো ধৰিয়েই লৈছে যে মিঞা আমাৰ গোলাম। মাৰিলেও মিঞাই অসমীয়া ভাষা কব, শিকিব, আৰু লোকপিয়লত লিখিবি কাটিলেও লিখিব। মাজে সময়ে হাতৰ তলুৱা খুজুৱাই কাৰণে অলপ … হে হে হে!
(এয়া লেখকৰ একান্ত ব্যক্তিগত মতামত। লেখাৰ কোনো ভুল / বিসংগতিৰ বাবে সম্পাদক দায়ী নহয়। সৰ্বস্বত্ব লেখকৰ বাবে সংৰক্ষিত। – সম্পাদক)
Featured image: Scroll.in