ট্ৰেণ্ডিংযুৱ
Trending

এটা ভাইৰেল ভিডিওৰ কাৰণে সংবাদ মাধ্যমে সলনি কৰিলে শিক্ষানগৰীক যৌন নগৰীলৈ, নগৰবাসীৰ তীব্ৰ প্ৰতিক্ৰিয়া

যোৱা ৩ ডিচেম্বৰ, ২০২০ তাৰিখে চচিয়েল মিডিয়াত তোল-পাৰ লগায় এটি বিশেষ ভিডিওয়ে। বজালীৰ পাঠশালাস্থিত আনন্দৰাম বৰুৱা একাডেমীৰ দুগৰাকী ছাত্ৰ-ছাত্ৰী শ্ৰেণীকোঠাত সকলোৰে সন্মুখত চুম্বনৰত অৱস্থাত দেখি সহপাঠী এগৰাকীয়ে ভিডিও কৰি চচিয়েল মিডিয়াত এৰি দিয়ে। মুহূৰ্ততে ভাইৰেল হৈ পৰে ভিডিওটি। আনকি সংবাদ মাধ্যমৰ শীৰ্ষত স্থান লাভ কৰে ভিডিওটিয়ে। ভিডিওটিৰ সন্দৰ্ভত অসমৰ বিশিষ্ট সাংবাদিক চক্ৰপাণি পৰাশৰে এক প্ৰতিবেদনযোগে “আপোনাৰ সন্তানে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিত পঢ়ে নেকি? যদি পঢ়ে তেনেহ’লে এতিয়াই সতৰ্ক হওঁক আৰু সাৱধান হওঁক” বুলি পোন প্ৰথমেই শিক্ষানুষ্ঠানখনৰ গৰিমাক আক্ৰমণ কৰে। তাৰ পিছতেই “শিক্ষাৰ নগৰী পৰিণত হৈছে নেকি যৌনতাৰ নগৰীত?” বুলি প্ৰশ্ন কৰে। বৰ্তমানৰ প্ৰজন্ম কোন দিশে বুলি প্ৰশ্ন কৰি ডি নিউজে একাডেমী কৰ্তৃপক্ষ কিমান দায়বদ্ধ বুলিও প্ৰশ্ন কৰে।


শেহতীয়া তথ্য অনুসৰি একাডেমী কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰী দুগৰাকীক বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰাৰ পিছতো একাডেমী আৰু নগৰবাসীক কৰা তীৰ্যক মন্তব্যত জাঙুৰ খাই উঠে অসমবাসী। কিছু কিছু লোকে চক্ৰপাণি পৰাশৰক ৰাজহুৱাকৈ পাঠশালাবাসীৰ ওচৰত ক্ষমা খুজিবলৈ কয়। কিন্তু এটি মাত্ৰ ভিডিওৰ কাৰণে অসমৰ শিক্ষানগৰী, নাট্যনগৰী, নিমনগৰী খ্যাত পাঠশালা নগৰক যৌনতাৰ নগৰী আখ্যা দিয়াৰ ভুল স্বীকাৰ কৰি ক্ষমা খোজাৰ পৰিৱৰ্তে সাংবাদিক গৰাকীয়ে চচিয়েল মিডিয়াত ওলোটা প্ৰতিক্ৰিয়াহে কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button