মহিলাZillion প্ৰাইমযুৱ

নাৰীৰ ভূষণ – আজিৰ যুগত ইয়াৰ প্ৰাসংগিকতা

লজ্জা নাৰীৰ ভূষণ। যিহেতু আমি মানুহ আৰু যৌনতা আমাৰ প্ৰকৃতি প্ৰদত্ত নিয়ম। কোনে কিদৰে ইয়াক ব্যৱহাৰ কৰে সেয়া তেওঁৰ ব্যক্তিগত কথা। কিন্তু নাৰী জাতিক কেৱল ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাটোও শিক্ষিত সমাজৰ কোনো ব্যক্তিৰেই মানসিকতা হব নোৱাৰে। যিহেতু যৌনতা, যৌন চাহিদা আদি বিষয়বোৰ সুস্বাস্থ্যৰ লগতো প্ৰত্যক্ষভাৱে জড়িত, সেয়েহে এই বিষয়বোৰৰ ভাল, প্ৰণালীগত অধ্যয়নৰো খুবেই প্ৰয়োজনীয়তা আহে। এবাৰ আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা জ্যাক মা ই তেওঁৰ কোম্পানীত কাম কৰা সকলো কৰ্মচাৰীক উদ্দেশ্য কৰি কৈছিল, “তোমালোকে সপ্তাহত প্ৰতিদিন সংগম কৰিবা। ই শৰীৰ আৰু মনত শক্তিৰ সঞ্চাৰ কৰে, সজীৱ কৰে।” এয়া কোনো লাজৰ কথা নহয়। আমি যিদৰে নাৰীদেহৰ স্পৰ্শত দেহ, মনত শক্তি পাও, নাৰীয়েও পায়। আমি যিদৰে সুন্দৰ ৰমণীক বিচাৰি ফুৰো, সিহঁ‌তেও বিচাৰে কোনোবা সুঠাম দেহৰ পুৰুষক; এয়াই প্ৰকৃতিৰ নিয়ম। নাৰী জাতি প্ৰকৃতিৰ মনোৰম সৃষ্টি, ইয়াৰ অপব্যৱহাৰ, দমন, শোষণ সমাজৰ বাবে খুবেই সাংঘাতিক।

still-from-jana-aranya

কিছুদিন আগতে  ৮০ ৰ দশকৰ এখন বাংলা চলচ্চিত্ৰ চাইছিলোঁ। ছবিখনৰ নাম জন অৰণ্য (১৯৭৬), পৰিচালক সত্যজিৎ ৰায়, মূল চৰিত্ৰত অভিনয় কৰিছে প্ৰদীপ মুখাৰ্জীয়ে। কলিকতাত নিবনুৱা সমস্যাই ইতিমধ্যে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ছবিখনৰ মূল নায়ক জনে বহু সংঘৰ্ষ কৰি শেষত এটা চাকৰি বিচাৰি পালে। চাকৰিটো তেওঁৰ অৰ্হতাৰ জোখেৰে উচ্চ খাপৰ নহলেও পৰিয়ালৰ সংকট আৰু নিজৰ জীৱন সংগ্ৰামটোক কিছু সকাহ দিবলৈ তেওঁ লয় এজন পেচাদাৰী মধ্যস্ততাকাৰীৰ কাম, মানে এজন পেচাদাৰী দালাল। দালালী কৰাটোও সহজ কথা নহয়, কিমানক যে মেনেজ কৰিব লাগে; ওপৰৰ এটাৰ পিছত এটাকৈ মহাজন। নিজৰ “বছ” ক সন্তুষ্ট কৰিবলৈ তেওঁ বিচাৰি ফুৰিব লগীয়া হয় বেশ্যা। ভাল চাইজ, গাৰ বৰণ, ওজন, গ্ৰাহকক আমেজ দিব পৰা এজনী হেনো বন্দৱস্ত কৰি দিব পাৰিলেই তাৰ ডাঙৰ কাম এটাত বৰ বাবুৱে চহী কৰিব, নহলে নকৰে। সি জানে সেয়া তাৰ আদৰ্শৰ পৰিপন্থী, কিন্তু পেটৰ তাড়নাত সেয়া বাদ দিব নোৱাৰে সি। এদিন বেশ্যালয় বোৰত বিচাৰি গ’ল কম বয়সীয়া এজনীক। কিন্তু তাত সি নিজৰ চকু দুটাক মানিব নোৱাৰিলে, ই কি, তাৰ নলে গলে লগা বন্ধুৰ ভনীয়েক! ইমান তললৈ নামিবলৈ বাধ্য হৈছে দেশৰ জনসাধাৰণ। দেশৰ অৰ্থনীতি, শিক্ষিত যুৱকৰ কৰ্মসংস্থাপনৰ অভাৱ, নাৰীৰ অধিকাৰ গুৰুত্বহীন হৈ যোৱা, এমুঠি অন্নৰ বাবে মানুহে কিমান কি যে নকৰে তাৰেই বাস্তৱ ছবি তুলি ধৰিছে পৰিচালক সত্যজিৎ ৰায়ে।

অতি শেহতীয়া ভাৱে প্ৰতিবাদৰ নামত, নাৰীজাতিক সবলীকৰণৰ নামত, ন্যায় প্ৰদানৰ নামত নাৰী জাতিৰ অবাধ চলাচল আৰম্ভ হৈছে সেয়া মুঠেও ভাল লক্ষণ নহয়। নাৰী জাতিক আজি নগ্ন হ’বলৈ বাধ্য কৰোৱাবোৰেই টিভিৰ পৰ্দাত গগন ফালি চিঞৰে, “নাৰীক অধিকাৰ দিয়া হওঁ‌ক”, “নাৰীক স্বাধীনতা দিয়া হওঁ‌ক” ইত্যাদি।

নাৰীক বজাৰত এৰি দি বহুতে মৈথুন কৰিবলৈ আৰম্ভ কৰিছে; ধৰ্ষণ, হত্যা, মদ, জুৱা আদি বহুতো গুৰুতৰ অপৰাধৰ কাৰণ হৈ পৰিছে নাৰী। সভাত বক্তৃতা দিয়া বা টিভি টক শ্ব’ ত বহি যিবোৰ মন্তব্য দিয়া হয় সেয়াও বজৰুৱা। সেইসকলেও এবাৰ ভাবি চোৱা উচিত নাৰীক নগ্ন হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে কোনে? কিয় আজি বিশ্বৰ চূকে কোণে ধৰ্ষিত হৈছে নাৰী? কাৰ ভুলৰ বাবে হৈছে এইবোৰ? সৌ সিদিনা ভাইৰেল হোৱা কল ৰেকৰ্ডিঙত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) ৰ নেতাই যিবোৰ কথা ক’লে, সেইবোৰ কাৰণতে বিশ্বৰ প্ৰত্যেকটো ধৰ্মতেই নাৰীক আৱৰণত ৰাখিব কোৱা হৈছে, সেয়া হিন্দু ধৰ্মতেই হওঁ‌ক, নাইবা ইছলামতেই হওঁ‌ক নাইবা সেয়া হওঁ‌ক খ্ৰীষ্টান ধৰ্মৰ নীতি নিয়ম। তেওঁৰ মতে হেনো তেওঁৰ পাৰ্টটাইম গাৰ্লফ্ৰেণ্ডে চুটি কাপোৰ পিন্ধি তেওঁৰ আগত হাজিৰ হোৱাত সি নিজকে চম্ভালিব নোৱাৰিলে। সেইকাৰণেই নাৰীক এইবোৰ পাষণ্ডৰ পৰা বচাবলৈ আৱৰণৰ প্ৰয়োজন। ধৰ্ষণৰ কথাটো অলপ সুকীয়া। তাত বলপ্ৰয়োগ কৰি অনিচ্ছা স্বত্বেও নাৰীয়ে পুৰুষক বা পুৰুষে নাৰীক যৌন কামনা পূৰণ কৰে। কিন্তু, ওপৰত উল্লিখিত নেতাজনকেই ধৰা হওঁ‌ক। তেওঁ বিবাহিত, বয়সো ৪০ৰ উৰ্ধত। গতিকে তেওঁ যেতিয়া তেওঁৰ ঘৈণীয়েকৰ অগোচৰে অন্য নাৰীৰ সৈতে সংগম কৰিব সেয়া তেওঁৰ ঘৈণীয়েকৰ প্ৰতি কৰা অন্যায় নহয়নে? যদি সেই অন্যায়ক গুৰুত্ব দিয়া নহয়, তেতিয়াহ’লে হয়তো কোনোবাদিন তেওঁৰ ঘৈণীয়েকে আত্মপীড়নত ভুগি আত্মহত্যাও কৰিবলৈ বাধ্য হ’ব। নাইবা অন্য পুৰুষৰ সৈতে নিজৰ বাসনা পূৰণ কৰিবলৈ বাধ্য হ’ব।

কথাবোৰ নৈতিকতাৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত। আজিৰ প্ৰজন্মই আধুনিক হ’বলৈ গৈ কিমানৰ যে কামনাৰ, মৈথুনৰ বলি হৈ আছে সেয়া ভাবিবও নোৱাৰি। মানে, নাৰীক যদি প্ৰকৃততে সন্মানেই কৰা হয় তেতিয়াহ’লে দেশৰ নগৰে চহৰে হেজাৰ হেজাৰ বেশ্যালয় কিয়? চৰকাৰে নাজানে নে সেইবোৰ? জানে, কিন্তু বৃহৎ নেটৱৰ্ক এটা আছে যিয়ে মাহে মাহে কোটি কোটি টকা চৰকাৰক দি আছে। আৰু, যদি সিহতে ক্ষুধাৰ তাড়নাত সেইবোৰ কৰিছে তাৰ বাবে চৰকাৰ জগৰীয়া নহয় নে? এটা কথা এইখিনেতে কৈ থওঁ, এই যে চিনেমাত দেখুওৱা হয় – “টপ ক্লাছ মাল দি পঠাই, মিছন হোটেল, ১২০ নং ৰূম।” তাত নাৰী জাতি অপমানিত নহয়। তাত অভিনেত্ৰী গৰাকীকো বা বা কৰি প্ৰশংসাৰে উপচাই পেলোৱা হয়। আৰু সেই কোঠাবোৰত যিবোৰ মানুহ আহে সিহঁ‌তে কয়, “বহু বিবাহ বন্ধ হ’ব লাগে”, “অধিক সন্তান জন্ম দিয়া নিয়ন্ত্ৰণ কৰিব লাগে”, “নাৰীক স্বাধীনতা দিব লাগে”, “নাৰীক ভোগৰ সামগ্ৰী বনাব নালাগে” ইত্যাদি। ধৰি ল’লোঁ‌, দুখীয়া মানুহ এজনে যদি দুটা বিয়া কৰি বেশ্যালয়ত নোযোৱাকৈ শান্তিৰে জীৱন যাপন কৰিছে তাতো সিহঁতৰ আপত্তি। নাৰীক অধিকাৰ দিবলৈ বিচৰা সকলে নিশ্চয় নাৰীক শোষণৰ বলি হোৱাটো নিবিচাৰে। নহ’লেনো ট্ৰাম্প, ব্লেয়াৰ বা পুটিনহঁ‌তে “কৰ্ল গাৰ্ল” ৰাখিব পৰাটো কেনেকৈ নাৰীক সন্মান জনোৱা বুজাব পাৰে?   নৈতিকতাৰ স্খলনে আমাক ইমান তললৈ নমাই দিছে যে আমি উপাৰ্জনৰ দিশত নাৰীক এনে কিছুমান বৃত্তিত নমাই দিছো য’ত হেজাৰ চকুৱে ধৰ্ষণ কৰে নাৰীক, নাৰীৰ অধিকাৰৰ নামত চিঞৰি থকা সকলে এইবোৰ বুজিবলৈ হয়তো বেছি দিন নালাগিব, কাৰণ ভদ্ৰতা, শিষ্টাচাৰিতা আদিক বিসৰ্জন দি উপাৰ্জন কৰিব লগা পৰিস্থিতি এতিয়াও হোৱা নাই, কিন্তু হয়তো সেয়া খুবেই আসন্ন।

প্ৰথম প্ৰকাশ ১৩-০৮-২০১৯ 

nadimlive.blogspot.com

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button