ৰাজনীতিট্ৰেণ্ডিং

১৫ ডিচেম্বৰত বিটিচিত নতুন চৰকাৰৰ শপতগ্ৰহণ!

আজি বিটিচিৰ নতুন চিইএম হিচাপে দায়িত্ব অৰ্পণ কৰা হয় প্ৰমোদ বড়োক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োক বিটিচি প্ৰধান হিচাপে ঘোষণা কৰে।

ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰণজিত দাস, প্ৰমোদ বড়ো আৰু নৱ শৰণীয়াই এক যৌথ সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসে কয় – ‘‘তিনিওটা দলৰ পৰা প্ৰমোদ বড়োক নেতৃত্ব হিচাপে দায়িত্বভাৰ দিয়া হৈছে। বিটিআৰবাসীয়ে পৰিৱৰ্তন বিচাৰিছিল। বিটিচিত যাতে শান্তি আৰু প্ৰগতি সমানে হয়। শপত গ্ৰহণ সন্দৰ্ভত ৰাজ্যপালৰ লগত আলোচনা কৰিছো। ১৫ ডিচেম্বৰত শপত গ্ৰহণ হ’ব পাৰে।’’ 

‘‘আমাৰ বিশ্বাস প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিবাসীয়ে যথেষ্ট সহযোগিতা পাব, উন্নয়ন হ’ব’’, সংবাদমেলত মন্তব্য নৱ কুমাৰ শৰণীয়াৰ।

Team Zillion Media

Zillion Media is a multilingual platform that produces and publishes original stories with an aim to inform, educate, and inspire young mindsets. Zillion Media helps and educates people about technology, history, entrepreneurship, business, environment, and more, through thoughtful, well-crafted, engaging, and informative content.

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button