মাকক টকা-পইচাৰ দৰে সম্পত্তিৰ লগত নুজুখিব – অনুপম চক্রবর্তী

দুপৰীয়া ফোন এটা আহিল । মহিলাৰ কণ্ঠ । তেওঁক সহায় লাগে । মই ক’লো : কওঁক । তেখেতৰ কথাখিনি চমুকৈ এনেকুৱা : তিনিগৰাকী ছোৱালী । তেওঁলোক দুগৰাকী গুৱাহাটীত সংস্থাপিত । নিজা ঘৰ গুৱাহাটীত । মাক থাকে যোৰহাটত । ডাঙৰ জীয়েকৰ লগত । সমস্যাটো হ’ল : মাকক বায়েকে ভালকৈ নাচায় । খুব কষ্ট দিয়ে ।তেখেতে জনালে যে গাঁৱলৈ আমি নাযাওঁ । মাটি-বাৰী আমাক নালাগে । খেতিৰ বতৰত কেতিয়াবা বস্তাত চাউল আনো ইমানেই । সহায় কি কৰিব লাগে ?- মই সুধিলোঁ । তেওঁ ক’লে : আমি তাত এটা কেচ দিম । কেমেৰাত বায়েক-ভিনীয়েকক উঠাই টিভিত দি দিব লাগে !
মই ক’লো : টিভি, কেমেৰা , কেচত লগাতকৈ আপোনালোকৰ গুৱাহাটীত থকা এজনীয়ে নিজৰ ঘৰলৈ মাক আনি নাৰাখে কিয় ? তেখেতৰ উত্তৰ : গুৱাহাটীত তেনেকৈ ৰখা দিগদাৰ দিয়কচোন ।আমি খুবেই ব্যস্ত যে ! আৰু চাওঁক – মাটি-বাৰী দিয়েই দিছোঁ । মাক চাবই লাগিব । মই নম্ৰতাৰে জনালোঁ : মাকক টকা-পইচাৰ দৰে সম্পত্তিৰ লগত নুজুখিব । মাক জোখক মমতা বোলা শব্দটোৰ লগত । এই শব্দটো আচল সম্পত্তি । সম্পত্তিবোৰ বেছি খৰছ হ’ব বুলি ভাবি যদি মায়ে আপোনাক জন্ম দিয়াৰ পৰা বাৰণ হলহেঁতেন, তেন্তে আপুনিছোঁন পৃথিৱীখনেই নেদেখিলেহেঁতেন ।
তেওঁ মোৰ কথাত বেছি গুৰুত্ব নিদিলে ।বাৰে বাৰে সুধিলে: সহায় কৰিবনে ? মই ক’লো : কৰিম ।কেৱল কেমেৰাত গুৱাহাটীত থকা দুয়োজনী আহি কব লাগিব যে মাক আমি ৰাখিব নোৱাৰোঁ । কবনে ?
তেওঁ ফোনতো কাটি দিলে । কিয় নাজানোঁ, লৰালিত মায়ে কেনেকৈ মোক গা ধুৱাইছিল, ভাত খুৱাইছিল আৰু চাৰিবছৰ আগতে মাক হেৰোৱা দিনটোলৈ মনত পৰিল ।
মা – দেউতা তেনেকুৱাই ।
যি অবিস্মৰণীয়।
This article is written by Anupam Chakraborty