অসমইতিহাসবিশ্ব

মণিপুৰ এৰি চিৰদিনলৈ ইজৰাইলৈ গ’লগৈ ২৫২ গৰাকী লোক

মণিপুৰ এৰি চিৰদিনলৈ ইজৰাইলৈ গ’লগৈ ২৫২ গৰাকী লোক। আনুমানিক প্ৰায় ২৭০০ বছৰৰ পূৰ্বে নিজৰ জাতিৰ বংশধৰৰ পৰা বিচ্ছিন্ন হৈছিল তেওঁলোক। কোনোবা অজান পথেৰে প্ৰব্ৰজন কৰি আহি এদিন উপস্থিত হৈছিল ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম আৰু মণিপুৰৰ  অৰণ্যত। আৰু তাতেই নিগাজিকৈ বসবাস  কৰিবলৈ লয় সেই বেনই মেনাছি নামৰ ইহুদী জনজাতি লোকসকল। সময়ৰ সোঁতত তেওঁলোক  উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম আৰু মণিপুৰৰ স্থায়ী বাসিন্দা হৈ পৰে ।

কিন্তু ২০০৫ চনত নিজৰ মাতৃভূমিৰ অাৰু পূৰ্ব  পুৰুষৰ সন্ধান বিচাৰি পাই পুনৰ মণিপুৰ এৰি চিৰদিনলৈ ইজৰাইলৈ উভতি গ’লগৈ।  ইজৰাইলৰ ইহুদী  জাতিৰ বেনই মেনাছি  জনজাতিসকল  হৈছে হাজাৰ বছৰৰ পূৰ্বে অশশোৰিয়াৰ পৰা নিৰ্বাসিত হৈ বৰ্তমান মিজোৰাম আৰু মণিপুৰৰ চোৰাছান্দপুৰত বাস কৰা দহটি বিলুপ্ত প্ৰায় প্ৰব্ৰজিত জনজাতিৰ ভিতৰত অন্যতম।

বেনই মেনাছিসকলক ইজৰাইলৰ নাজৰেথ ইলিট অঞ্চলত সংস্থাপিত কৰা হ’ব । উল্লেখযোগ্য যে ইজৰাইলৰ মিনিষ্ট্ৰি অৱ ইমিগ্ৰেছন এণ্ড এবাৰ্ছন বিভাগে প্ৰকাশ কৰামতে  ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামৰ আৰু মণিপুৰৰ পৰা ইহুদী বেনই মেনাছি সম্প্ৰদায়ৰ ২৪৩৭ গৰাকী লোকক নিজৰ দেশলৈ ইতিমধ্যে উভতাই নিছে ।

Related Articles

Back to top button