
এজন মাতৃহাৰা লʼৰাই দেউতাকক প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তুলিছে। তাৰে মাজত এটি প্ৰশ্নই তেওঁক উত্তৰ দিবলৈ বাধ্য কৰিছে।
লʼৰা :- এই জীৱনে আমাৰ যোগ্যতাৰ লগত কিয়
ইমান পক্ষপাতিত্ব কৰে ?
দেউতাক :-
কেতিয়াবা জীৱনক সাগৰৰ উৰ্মিমালাৰ
লগত ৰিজাব মন যায়…
এখন নিৰৱধি,গুপ্ত, নিমাতী সাগৰ….
যʼত হৰ্ষিত মনে ঢৌৰ দৰে
ওপৰলৈ উৰা মাৰিব খোজে;
পিছে বিমন হৃদয়ে আকৌ
নামনিলৈ আজুৰি আনে…
এই নিমিষ যাত্ৰাই যেন
কাৰোবাক জীয়াবলৈ শিকায়…
আৰু আন কাৰোবাক
আগন্তুক স্বৰ্গগমনৰ বাবে
আহ্বান জনায়।
লʼৰা :- এই জীৱন নামৰ নাটকখনত আমিবোৰনো কি কৰি আছো ?
দেউতাক :-
এই ধাৰাবাহিকতাৰ আমি মাথো
এক এক উজাগৰী পক্ষী…
জিনিব খোজোঁ সেই
আত্মীয় লগৰীক…
সন্ধান মাথো আপোনবোৰৰ
সৌ অচিনাকী বাটৰুৱাৰ বাট পথে…
যুঁজো কেৱল ধৰ্ম, সন্মান, আৰু
নিজস্ব স্বাৰ্থৰ হকে।
লʼৰা :- তেনেহলে আমি চতুৰ ভাৱৰীয়াবোৰ থাকোতেই অভিনেতাকেই অকল অস্কাৰ বঁটা কিয় দিব লাগে ?
দেউতাক :- (আওকাণ কৰি)
লাহে লাহে কাষচাপে আমাৰ মৰণকাল
এয়াই হ’ল অবুজন জীৱনৰ মায়াজাল।।
ইতি
আধৰুৱা সপোনৰ গৰাকী