
১৯৩৫ চনৰ ৩০ মাৰ্চত অসম সন্তান প্ৰমথেশ বৰুৱাই নিৰ্মাণ কৰি উলিয়াইছিল “দেৱদাস”। আৰু তাৰ ২০ দিন পূৰ্বে, ১০ মাৰ্চত ৰৌনক থিয়েটাৰত মুক্তিলাভ কৰিছিল “জয়মতী”।
হয়তো বহুতে নাজানে কিন্তু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নিৰ্মিত “জয়মতী” আছিল ভাৰতৰ প্ৰথমখন ‘টকী’ (Talkie) য’ত ডাবিঙ আৰু ৰি ৰেকৰ্ডিঙ সংযোজন কৰা হৈছিল। অৰ্থাৎ নিৰ্মাণ আৰু ছুটিঙৰ পিছত পুনৰ ডাবিঙ কৰা হৈছিল। তদুপৰি হয়তো আমি নাভাৱো, কিন্তু এগৰাকী নাৰীক মূল চৰিত্ৰ হিচাপে লৈ নাৰীবাদী সত্ত্বাক ৰূপালী পৰ্দাত এক শক্তিশালী ৰূপত উপস্থাপন কৰাত “জয়মতী”য়েই ভাৰতৰ প্ৰথমখন বোলছবি। কাৰণ সেই সময়ত ভাৰতৰ চলচ্চিত্ৰ উদ্যোগত নাৰী চৰিত্ৰসমূহক কেৱল গৌণ চৰিত্ৰ হিচাপেহে দেখুওৱা হৈছিল আৰু সেই একেঘেয়ামীক সম্পূৰ্ণৰূপে শেষ কৰিছিল ৰূপকোঁৱৰৰ “জয়মতী”য়ে।
লগতে ৱিকিপেডিয়াৰ তথ্য অনুসৰি “জয়মতী” নিৰ্মাণৰ ব্যয় আছিল সেই সময়ত প্ৰায় ৫০,০০০ টকা, যাৰ পৰিমাণ আজিৰ লগত তুলনা কৰিলে প্ৰায় ২ কোটি ৭০ লাখ টকা। অৰ্থাৎ “জয়মতী” প্ৰথম অসমীয়া বোলছবিৰ লগতে এখন বিগ বাজেটৰ অসমীয়া ছবিও আছিল। তেজপুৰৰ ভোলাগুৰি চাহ বাগিচাত ছবিখনৰ ছুটিঙ সম্পন্ন কৰা হৈছিল আৰু সেই সময়ত গুৱাহাটীৰ চিত্ৰবন তেতিয়া এটা ষ্টুডিঅ’ নাছিল যদিও অভিনয়ৰ কৰ্মশালাৰ কেন্দ্ৰ হিচাপে চিহ্নিত আছিল। “জয়মতী”য়ে প্ৰায় ২৫,০০০ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল।
২০০৬ চনত মিউনিখ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, এপ্ৰিল ২০১২ চনত আমেৰিকাৰ UCLA বিশ্ববিদ্যালয়ৰ Centre for India and South Asian Studies ৰ প্ৰেক্ষাগৃহত “জয়মতী” প্ৰদৰ্শিত হৈছিল।
✍বিকাশ দত্ত, হাজো