ব্লগিংৰ বিষয়ে জানিবলগীয়া সকলোবোৰ তথ্য – কিদৰে উপাৰ্জন কৰিব?

অনলাইন উপাৰ্জন কৰাৰ আটাইতকৈ প্ৰমাণিত আৰু শ্ৰেষ্ঠ উপায় হৈছে ব্লগিং।
ব্লগিং কি?
এটা ব্লগ নিয়ন্ত্ৰণ কৰিবলৈ যিবোৰ কৌশল লাগে আৰু যিবোৰ কাম কৰিব লাগে তাক ব্লগিং বোলে। এজন ব্লগাৰে ব্লগ লিখে বা ব্লগিং কৰে।
ব্লগ আৰু ৱেবছাইটৰ মাজৰ মূল পাৰ্থক্য হৈছে ব্লগত এজন ব্লগাৰে দিনলিপিৰ দৰে নিয়মীয়াকৈ ব্লগপোষ্ট লিখিব লাগে আনহাতে ৱেবছাইট এটাত নিয়মীয়াকৈ পোষ্ট লিখাৰ প্ৰয়োজন নাই।
সফল ব্লগ আৰম্ভ কৰিবলৈ আপোনি hosting, domain, theme ইত্যাদি কিনিব লাগিব। বিনামূলীয়া ব্লগেৰেও আপুনি ব্লগিং কেৰিয়াৰ আৰম্ভ কৰিব পাৰে কিন্তু বিনামূলীয়া ব্লগেৰে উপাৰ্জন কৰাৰ সম্ভাৱনা বহুত কম। কিয়নো বিনামূলীয়া ব্লগৰ সা-সুবিধা বহুত কম আৰু ইয়াৰ জৰিয়তে আপুনি বেছি traffic (ব্লগ দৰ্শক) ক আকৰ্ষণ কৰিব নোৱাৰে।
ব্লগ এটাত নিয়মীয়াকৈ SEO (Search Engine Optimization) আৰু আকৰ্ষণীয় পোষ্ট লিখাৰ জৰিয়তে আপুনি ব্লগ পঢ়ি থকাসকলক কিদৰে সহায় কৰে আৰু কিমান মানুহে আপোনাৰ ব্লগ দৰ্শন কৰে তাৰ ওপৰত আপোনাৰ ব্লগিং কেৰিয়াৰত আপুনি সফল হ’বনে নহয় সেয়া নিৰ্ভৰ কৰে।
কিদৰে উপাৰ্জন কৰিব?
মই এজন প্ৰফেছনেল ব্লগাৰ আৰু মই ভাৱো আপুনি ব্লগৰ পৰা উপাৰ্জন কৰাৰ কথা ভৱাৰ আগতে ৫-৬ মাহ ব্লগত কাম কৰক আৰু নিয়মীয়াকৈ ব্লগ পোষ্ট লিখাত মনোযোগ দিয়ক।
যেতিয়া আপোনাৰ ব্লগত অন্তত ২০ টা পোষ্ট আৰু ১০০০০+ ট্ৰেফিক হ’ব। তেতিয়া আপুনি তলত দিয়া যিকোনো উপায়েৰে ব্লগৰ পৰা উপাৰ্জন কৰাৰ কথা ভাৱিব পাৰে।
এডভাৰটাইজ
বহুতে হয়তো Google AdSense ৰ বিষয়ে জানে। ই গুগলৰ এটা এডভাৰটাইজিং কোম্পানী যাৰ দ্বাৰা আপুনি ব্লগত এডভাৰটাইজ দেখুৱাই ব্লগৰ পৰা উপাৰ্জন কৰিব পাৰে।
আৰু বহুতো এডভাৰটাইজিং কোম্পানী আছে যদিও AdSense আটাইতকৈ ভাল আৰু ইয়াৰ পৰা ব্লগত ভাল ট্ৰেফিক থাকিলে উপাৰ্জন কৰিব পাৰিৱ।
এফিলিয়েট মাৰ্কেটিং
এফিলিয়েট মাৰ্কেটিং হৈছে আন কাৰোবাৰ সামগ্ৰীৰ প্ৰচাৰ আৰু বিক্ৰী কৰি কমিছন এটা উপাৰ্জন কৰাৰ এক প্ৰক্ৰিয়া।
আপুনি এফিলিয়েট প্ৰগ্ৰাম যেনে – Amazon Associates, ShareASale আদিৰ পৰা আপোনাৰ বিশেষ এফিলিয়েট লিংক লৈ ব্লগত প্ৰচাৰ কৰিব পাৰে।
স্পন্সৰশ্বিপ
যেতিয়া আপোনাৰ ব্লগত বহুত ট্রেফিক আহিব তেতিয়া আপুনি ব্ৰেণ্ডৰ স্পন্সৰশ্বিপ পাব পাৰে। ব্ৰেণ্ড বা কোনো কোম্পানীয়ে তেওঁলোকৰ প্ৰডাক্টৰ প্ৰচাৰ কৰিবলৈ আপোনাৰ লগত যোগাযোগ কৰাৰ সম্ভাৱনা থাকে। আপনিও আপোনাৰ পচন্দৰ ব্ৰেণ্ডৰ লগত যোগাযোগ কৰি স্পন্সৰশ্বিপৰ বিষয়ে ক’ব পাৰে।
ব্লগৰ পৰা উপাৰ্জনৰ আৰু বহুতো উপায় আছে। আপুনি আপোনাৰ পেছাদাৰ সেৱা, নিজৰ প্ৰডাক্ট আদি বিক্রী কৰিও ব্লগৰ পৰা উপাৰ্জন কৰিব পাৰিব।
If you want to learn more about make money online, blogging and online business, you can visit Inuidea.com and Inuetc.com or you can contact me through Instagram @InuEtc