
চিনেমাখন দৰ্শকৰ বাবে সাজু কৰাৰ বহুদিনেই হ’ল।দুবাৰ মুক্তিৰ দিন ঘোষণা কৰাৰ পিছতো বিভিন্ন কাৰণত ছবি ঘৰলৈ চিনেমা খন আনিব নোৱাৰিলোঁ।কিন্তু এইবাৰ আমি থমকি নৰও।সাজু হৈছো এটা নতুন পৰিকল্পনাৰে। অহা ২৩ জানুৱাৰীত আমি ‘গৰু’ক লৈ আহিম আপোনালোকৰ কাষলৈ । স্থায়ী চিত্ৰগৃহৰ পৰিবৰ্তে অসমৰ প্রান্তে প্রান্তে থকা বিভিন্ন প্ৰেক্ষাগৃহ আৰু অস্থায়ী প্ৰেক্ষাগৃহত বিভিন্ন দল-সংগঠনৰ সহযোগিতাৰে আমি প্ৰায় ১০০০ দৰ্শনীৰ স’তে ‘গৰু’ মুক্তি দিব ওলাইছোঁ নতুন উদ্যমেৰে। এতিয়া লাগে আপোনালোকৰ সহায় তথা সহযোগিতা।
– Himangshu Prasad Das