বিশ্বZillion প্ৰাইমইতিহাসবিনোদনমহিলা

অস্কাৰ বিজয়ী প্ৰথমগৰাকী আফ্ৰিকান আমেৰিকান হেট্টী মেকডেনিয়েল আৰু বৰ্ণবৈষম্যতা

১৯৩৯ চনত মুক্তি পাইছিল ভিক্টৰ ফ্লেমিঙৰ পৰিচালনাত Gone With The Wind। এক কাল্পনিক নাৰী চৰিত্ৰ স্কাৰলেট অ’হাৰাক মুখ্য চৰিত্ৰ হিচাপে লৈ নিৰ্মিত ছবিখনৰ মূল বিষয়বস্তু আছিল আমেৰিকান গণবিদ্ৰোহ। ১৯৩৬ চনত প্ৰকাশিত মাৰ্গাৰেট মিটছেলৰ দ্বাৰা ৰচিত Gone With The Wind ৰ আধাৰত নিৰ্মিত ছবিখনক সৰ্বকালৰ অন্যতম ছুপাৰহিট ছবিৰূপে ধৰা হয়। কেৱল ৩.৮ নিযুত ডলাৰত নিৰ্মিত Gone With The Wind য়ে বক্স অফিচত ৩৯০ নিযুত ডলাৰৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে এই ছবিখনেই আছিল পৃথিৱীৰ প্ৰথমখন ব্লকবাষ্টাৰ ছবি।

১৯৪০ চনত অনুষ্ঠিত ১২ সংখ্যক অঁ‌স্কাৰ বঁ‌টাত Gone With The Wind য়ে ১৩ টাকৈ মনোনয়ন লাভ কৰাৰ পৰিৱৰ্তে ৮ টা বঁ‌টা জয় কৰিছিল। ইয়াৰ ভিতৰত আছিল শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী (ভিভিয়েন লী) আৰু শ্ৰেষ্ঠ সহ অভিনেত্ৰী হেট্টী মেকডেনিয়েল।

হেট্টী মেকডেনিয়েল আছিল অঁ‌স্কাৰ বঁ‌টা জয় কৰা প্ৰথমগৰাকী আফ্ৰিকান আমেৰিকান। উল্লেখ্য যে সেই সময়ত আমেৰিকাত বৰ্ণবৈষম্যতা তুংগত আছিল। দেহৰ বৰণক লৈ চলি অহা ভেদাভেদ আৰু হিংসাই হেট্টী মেকডেনিয়েলকো পিছ এৰা নাছিল। ৩০০ তকৈও অধিও ছবিত অভিনয় কৰাৰ পিছতো তেখেতৰ নাম কেৱল ৮৩ খন ছবিতহে ক্ৰেডিট চিনত দিয়া হৈছিল। Gone With The Wind ৰ প্ৰিমিয়াৰত তেখেতে অংশগ্ৰহণ কৰিব পৰা নাছিল কাৰণ সেই সময়ত আটলান্টা চহৰৰ উক্ত চিনেমাহলটো কেৱল শ্বেতাংগ সকলৰ বাবেহে সংৰক্ষিত কৰা আছিল। আনকি অঁ‌স্কাৰ বঁ‌টা প্ৰদান অনুষ্ঠানতো তেখেতক পৃথক আসনত বহুওৱা হৈছিল যি কেৱল কৃষ্ণাংগ সকলৰ বাবেহে সংৰক্ষিত। ১৯৫২ চনত তেখেতৰ মৃত্যু হয়। তেওঁ অনুৰোধ জনাইছিল যে মৃত্যুৰ পিছত যাতে তেওঁক হলিউড চিমেত্ৰী (Hollywood Cemetry) ত হে সমাধি দিয়া হয়। কিন্তু তেখেতৰ এই অনুৰোধক প্ৰত্যাখ্যান কৰা হয় কাৰণ সেই সময়ত হলিউড চিমেত্ৰী কেৱল শ্বেতাংগ সকলৰ বাবেহে সংৰক্ষিত। অৱশেষত ২০০৬ চনত প্ৰথমগৰাকী কৃষ্ণাংগ অঁ‌স্কাৰ বিজয়ী হিচাপে আমেৰিকান চৰকাৰে তেওঁৰ নামত এটা ডাক টিকট মুকলি কৰে আৰু ২০১০ চনত Colorado Women’s Hall of Fame ত তেখেতৰ নামত খোদিত কৰা হয়।

This article is written by বিকাশ দত্ত, হাজো

This is an Assamese article about Hattie McDaniel. She was an American actress, singer-songwriter, and comedian. She was the first African American to win an Oscar. 

Related Articles

Back to top button