দেশZillion প্ৰাইমঅর্থনীতিৰাজনীতি
Trending

কৃষক শক্তি – ভাৰতীয় কৃষকৰ নতুন বিপ্লৱ

ভৱিষ্যতৰ ভাৰত কেনেকুৱা হ’ব তাক জানিবলৈ বৰ্তমানৰ ৰাজনীতি তথা কূটনীতি বুজিব‌ই লাগিব। দেশৰ ৰাজনীতিত স্বাধীনতাৰ পিছৰে পৰা কৃষক সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে‌ যদিও সিহঁতৰ অধিকাৰ আৰু ন্যায়ৰ দাবী আজিও বিদ্যমান। ঠাই বিশেষে কৃষকৰ আত্মহত্যা ইয়াৰ জ্বলন্ত উদাহৰণ। শতিকাৰ প্ৰথম দুটা দশকত প্ৰায় বিশ লাখ ভাৰতীয় কৃষকে আত্মহত্যা কৰিছে। কি উত্তৰ ভাৰত, কি দক্ষিণ ভাৰত, কি পশ্চিম ভাৰত, কি উত্তৰ পূৰ্বাঞ্চল সকলোতে একে দশা কৃষকৰ। ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰা কৃষকৰ ঘামৰ মূল্য কোনো চৰকাৰে দিব পৰা নাই আৰু দিবলৈ ইচ্ছাও কৰা নাই। ইয়াত দল সংগঠনৰ ভূমিকাও অতি পুতৌজনক। ইয়াৰ প্ৰধান কাৰণ সমূহ হ’ল- 

1/ শিক্ষাৰ অভাৱ।

2/ বৰ্ধিত হাৰত জনসংখ্যা বৃদ্ধি।

3/ সম্পত্তিৰ অসমান বিতৰণ। (uneven wealth distribution)

      আজি সমগ্ৰ বিশ্ব পুজিঁপতিৰ দখলত। কৃষকৰ দখলত থকা মাটি খিনি ভাগ হৈ হৈ কমি গৈ আছে আৰু অন্য দিশত ২০২০ চনৰ জানুৱাৰী মাহত The Economic Times ত প্ৰকাশিত এক বাতৰি অনুযায়ী Oxfam International ৰ‌ এক report ত উল্লেখ কৰা হৈছে যে ভাৰতত প্ৰায় ৭০% জনসংখ্যাৰ সম্পত্তিত কৈ ৪ গুণ বেছি সম্পত্তিৰ মালিক হ’ল ১% ধনী ব্যৱসায়ী। এয়া কেৱল ভাৰততেই  নহয় World Economic Forum ৰ ৫০ তম বাৰ্ষিক অধিবেশনৰ আগত বিশ্বৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন Oxfam এ কৈছে যে বিশ্বৰ প্ৰায় ৬০% জনসংখ্যাৰ মুঠ সম্পত্তিত কৈ বেছি সম্পত্তিৰ মালিক হ’ল ১% ধনী ব্যৱসায়ী। অৱশ্যে ভাৰতৰ বাকী ৰাজ্যবোৰৰ তুলনাত পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকৰ আৰ্থিক অৱস্থা স্বচ্ছল। কিন্তু আজি সেই সকল কৃষকেও আন্দোলন কৰিবলৈ এক প্ৰকাৰ বাধ্য হৈ পৰিছে। মোডী চৰকাৰৰ এখন ক’লা আইনে যেন সিহঁতকো নিমিষতে পুঁ‌জিপতিৰ হাতলৈ ঠেলি দিব বিচাৰিছে।

     সংসদত সংখ্যাগৰিষ্ঠ চৰকাৰ পক্ষই কৃষক তথা বিৰোধী দলৰ সন্মতিৰ বিৰুদ্ধাচৰণ কৰিয়েই অাইন তিনিখন গৃহীত কৰিলে। চৰকাৰী পক্ষৰ মতে থলুৱা কৃষকে বহিঃ ৰাজ্যলৈও নিব পাৰিব উৎপাদিত শস্য। কিন্তু খৰচ কোনে দিব সেয়া উল্লেখ নকৰিলে। যি দেশত নগৰ-চহৰৰ বাট পথৰ অৱস্থাৰ অাজিও পৰিৱৰ্তন হোৱা নাই তাত গাওঁৰ একা বেকা ৰাস্তাৰ পৰা কৃষকে বহিঃ ৰাজ্যলৈ কৃষিজাত সামগ্ৰীবোৰ নি যে মধ্যভোগীৰ দ্বাৰা প্ৰতাৰিত নহ’ব তাৰ নিশ্চয়তা কোনে দিব? দ্বিতীয়তে কোৱা হৈছে, কৃষকে চুক্তি কৰিব কোম্পানীৰ সৈতে। যদি অাশা কৰা ধৰণে শস্য উৎপাদিত নহয় তেতিয়া কোম্পানীয়ে কৃষকক ঋণৰ বোজা জাপি নিদিবনে? তৃতীয়খন অাইনৰ মতে এতিয়াৰে পৰা অত্যাৱশ্যকীয় সামগ্ৰী বুলি একেবাৰেই নাথাকিব। ইয়াৰ দ্বাৰা বৃহৎ কোম্পানীয়ে কৃষিজাত সামগ্ৰীবোৰ মজুত কৰি ৰাখি বজাৰত কৃত্ৰিম নাটনিৰ সৃষ্টি নকৰিবনে? যদি সদিশ্চা আছে তেতিয়াহ’লে কৃষকৰ কল্যাণৰ বাবে চৰকাৰে কৰিব পৰা কাম বহুত অাছে। কৃষকৰ বিদ্যুৎৰ মাচুল, বীজৰ যোগান, জলসিঞ্চনৰ ব্যৱস্থা সুলভ অাৰু ব্যপক কৰা, কৃষকৰ পেঞ্চন, কৃষকৰ শস্যৰ নুন্যতম সমৰ্থিত দাম (MSP) আদি এশ এবুৰি সমস্যাৰ সমাধান কৰিবলৈ আছে। অভাৱ মাথোঁ‌ সদিশ্চাৰ। 

প্ৰবন্ধৰ মতামত লিখকৰ ব্যক্তিগত। ইয়াৰ বাবে Zillion Media দায়ী নহয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button