
সি চৰকাৰী packageত ডুবাইলৈ গৈছে৷ তাত পৃথিৱীৰ আটাইতকৈ দামী শ্বপিং মললৈ গৈছে, ভাল ভাল ঠাইলৈ গৈছে , Burj Khalifaলৈ গৈছে- কিন্তু ডিম্পুৰ কাপোৰ সেই অসমত পিন্ধা চাৰ্টটোৱেই, অসমত পিন্ধি ঘূৰি ফুৰা টি.চাৰ্টটোৱেই, অসমত বোকাই বালিয়ে পিন্ধি ফুৰা চেণ্ডেলযোৰ পিন্ধিয়েই ডুবাইৰ মৰুভূমিৰ বালিত luxurious carত adventure ride কৰিছে, তেনেকেই Belly dance চাইছে৷
ডিম্পুৰ মৰুভূমিৰ ভিডিঅ’টোত দুটা কথাই মোক চুই গ’ল৷ তাত পৰ্যটকৰ বাবে উট চাফাৰীৰ ব্যৱস্থা আছিল৷ উটকেইটা দেখুৱাওতে ময়ো excited হৈছিলোঁ – ডিম্পুৰ উটত উঠাৰ reactionটো চাবলৈ৷ পিছে ডিম্পু উটত নুঠিল৷ সি ক’লে – “…পিছে উটত মই নুঠিলোঁ৷ বেয়া লাগিল হে উঠিবলে ! সিহঁতে কষ্ট পায় যেন লাগিল৷ সৰু সৰু ল’ৰা-ছোৱালীকেইটাকে উঠিবলৈ দিলোঁ !” সেই অভং নিচিনা লগা ল’ৰাটোৰ চিন্তা ইমান ওপৰত !!!
ডিম্পুৰ প্ৰতি সন্মান আগতকৈ বেছি বাঢ়ি গ’ল৷
ডিম্পুহঁতৰ পেকেজটোত Belly dance উপভোগ কৰাৰো সুবিধা আছিল৷ সময়ত মৰুভূমিৰ authentic hot belly dance আৰম্ভ হ’ল৷ পিছে এনেই ৰৈ থাকিলোঁ৷ কেৱল 10ছেকেণ্ডমান দেখুৱাই ডিম্পুৱে ক’লে- “ এএ আৰু নেদেখুৱাও দক৷ অলপ vulgar হৈ যাব পাৰেতো ! মানে মোৰ ভিডিঅ’ সৰু ল’ৰা-ছোৱালীয়েও চাই যে! ”
আন কোনোবা হোৱা হ’লে কি কৰিলেহেঁতেন ? views বঢ়াবলৈ belly danceটোহে বেছিকৈ দেখুৱালেহেঁতেন৷ উটৰ চাফাৰীৰ মজা অভিজ্ঞতা দেখুৱালেহেঁতেন ! আনৰ কথা নকওঁ – সেইখিনি সময়ত চাগে ফুৰ্তিতে ময়ো এইবোৰ নৈতিকতা পাহৰি গ’লোহেঁতেন৷ ডিম্পু এনেয়ে সকলোৰে মৰমৰ নহয়৷ ডিম্পুৰ দৰে আৰু কোনো নাই৷ এবাৰ ডিম্পুক লগ পোৱাৰ ইচ্ছা ইয়াতে প্ৰকাশ কৰিলোঁ৷
This article is written by Zulee Boraah