
‘এনিশা ফুকন কলিতা’
উজনিৰ ছোৱালী, কৰ্ম তথা বিবাহসূত্ৰে নামনিৰ বাসিন্দা।
তাইক প্ৰথম ক’ত লগ পাইছিলোঁ? বিয়াই সবাহে বা দীঘলীয়া বাছ যাত্ৰাত কাষৰ ছিটত পোৱা নাছিলোঁ। অথবা ৰাস্তাই ঘাটে খুন্দাও খোৱা নাছিলোঁ। না আমি সহপাঠী আছিলোঁ। তাই জে বি কলেজত পঢ়াৰ বিপৰীতে তাইতকৈ দুবছৰ আগতে মই বজালী কলেজত পঢ়িছিলোঁ। মাজত চাৰে তিনিশ কিলোমিটাৰ। তাইৰ জীৱনত মই কোনো ফিল্মী এন্ত্ৰী মৰা নাছিলোঁ। যে বাটত গুণ্ডাৰ জাক এটাই তাইক আগুৰি ধৰাৰ সময়তেই ধুম তানানা মিউজিকৰ সতে মোৰ হিৰ’ইক এন্ত্ৰী আৰু ধিছুম ধিছুম দুটামান লগাই দিয়াত গুণ্ডাৰ জাকটো পলোৱাৰ পিছত তাইলৈ চাই মই এটি হাঁহি মাৰিম, তাই আগুৱাই আহিব, কপালৰ কোণত বৈ অহা তেজখিনি চুই চাব, তাইৰ দীঘল চুলিখিনি বতাহে উৰুৱাই নিব আৰু মই একেথৰে চাই ৰ’ম তাই গাঢ় মটীয়া দুচকুলৈ। না বাবা না, মই মানুহটোৱেই ইমান ৰোমান্টিক নহয়। মোৰ ওচৰত যে মোৰ প্ৰেমিকা ব’ৰ হ’ব তেনেও নহয় মাথোঁ প্ৰেম কৰিবলৈ নাজানো চিনেমাত দেখুওৱাৰ দৰে। আৰু গুণ্ডাৰ জাক খেদিম? ছাউথৰ ফিল্মত দেখুওৱাবোৰৰ দৰে হ’লে মোৰ ঠাইতেই পেন্ট ভিজিব।
তাইক লগ পাইছিলোঁ লগৰ এজনৰ সহকৰ্মী হিচাপে। আমি পঢ়া শুনা শেষ কৰাৰ পিছত লগৰ জনে এখন ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয়ত গণিতৰ বিষয় শিক্ষক হিচাপে যোগদান কৰিলে আৰু মই দেউতাৰ ব্যৱসায়ত। ছুটিৰ পিছত একেলগে পঢ়া ৰুণিমাৰ বিয়াত যোৱা কথা যিহেতু কলেজৰ পৰা তাক উঠাই নিয়াৰ দায়িত্ব মোৰেই। সিদিনাই দেখিছিলোঁ প্ৰথম নিশান্তৰ লগত দিপাৰ্টমেণ্টৰ পৰা গেটলৈ কথা পাতি অহা এনিশা ফুকনক। মই সপোনত দেখা জনীৰ দৰে চুলিখিনি দীঘল নাছিল। গলধনলৈ পৰা চুলিখিনি ৰঙা-সোণালী বৰণৰ। কলপতীয়া বৰণৰ কপাহী মেখেলা চাদৰ এযোৰ আৰু এগৰাকী শিক্ষয়িত্ৰীৰ মৰ্য্যদা বজাই ৰখা প্ৰসাধনেৰে প্ৰথম দেখোঁতেই প্ৰেমত পৰিব লগা নহ’লেও বেয়া লগা নাছিল।
“এনিশা ফুকন। যোৰহাটৰ ছোৱালী। আমাৰ দিপাৰ্টমেণ্টৰেই।”- মই তাইলৈ চোৱা দেখি নিশান্তই নিজেই কৈছিল।
“তোক সুধিছোঁ মই? এনেইও নেহাক পাহৰিব নোৱাৰোঁ মই।”
সি জানে, নেহাৰ বিৰুদ্ধে এটা শব্দও উচ্চাৰণ কৰিলেই মই তাক বাইকৰ পৰা নমাই দিম। গতিকে সি কথা নবঢ়ালে। সেই সময়ত সঁচাকৈ নেহাৰ বাহিৰে বেলেগৰ কথা ভাবিব পৰা নাছিলোঁ মই। হাইস্কুলৰ পৰা একেলগে পঢ়া নেহা যেতিয়া মাষ্টাৰ্ছ কৰিবলৈ দিল্লী পাইছিল, মই গুৱাহাটীতেই ৰৈ গৈছিলোঁ। দুটা বছৰ লগ পোৱা নাছিলোঁ তাইক ব্যস্ততাৰ অজুহাতত। সময় নাই দুয়োৰে হাতত। সময় মিলিলেও তাই আহোঁ বুলিয়েই অসমলৈ ঘূৰি আহিব নোৱাৰে। আৰু মই? সেই সময়ত দিল্লীলৈ টিকট কাটিবলৈ হ’লেও পোন্ধৰ দিন পেটত গাঁঠি দিব লগীয়া অৱস্থা মোৰ। ঘৰুৱা অভাৱ নাই, দেউতা আছিল অত্যন্ত হিচাপী মানুহ। হিচাপতকৈ এটকাও বেছিকৈ নাপাইছিলোঁ মই। দেউতাক খুজিলে দিল্লী ভ্ৰমণৰ সম্পূৰ্ণ খৰছ পাম মই। কিন্তু মই দিল্লীলৈ যাম, কিয়? শিক্ষামূলক ভ্ৰমণ? নে অন্য কিবা? যাম মই প্ৰেমিকাক লগ ধৰিবলৈ তাকো নেহাক। বিনন্দ ঠাকুৰীয়া আৰু চন্দ্ৰ কলিতাৰ পুৰণি শত্ৰুতাক আমি নজনা নহয়। বিনন্দ ঠাকুৰীয়াৰ দুহিতা নেহাক যে দেউতাই বেয়া পায় তেনে নহয়, যিমানবাৰ লগ পাইছে নেহাক, কোনোবাৰেই বেয়া পোৱা নাই তাইক। কিন্তু বিনন্দ ঠাকুৰীয়াক ‘কিহে কলিতা, ল’ৰা গৈ দিল্লী পালে মাজনীক লগ ধৰিবলৈ’ বুলি হাঁহিবলৈ সুযোগ দিয়াৰো ইচ্ছা নাই মোৰ। তৃতীয়টো ষাণ্মাসিকৰ পিছত তাইক লগ পোৱাৰ সৌভাগ্য হৈছিল মোৰ তাইৰ বেষ্ট ফ্রেণ্ড তথা মোৰ সহপাঠীনি শিখাৰ এবছৰীয়া বিবাহ বাৰ্ষিকীত। আঁঠুৰ পৰা এবেগেত মান ওপৰলৈ উঠা ফ্ৰক পিন্ধা নেহাক দেখি খং উঠিছিল মোৰ যদিও তাইক শান্ত হৈয়েই কাপোৰ অলপ বেছিকৈ পিন্ধিবলৈ কৈছিলোঁ মই। তাই খং কৰিছিল মোক, বকিছিল, চিঞৰিছিল, শেষলৈ কান্দিছিল। পাৰ্টী শেষ নহওঁতেই তাইৰ অৱস্থা লক্ষ্য কৰি গুৱাহাটীত থকা মাহীয়েকৰ ঘৰত ড্ৰপ কৰাৰ দায়িত্ব মোৰ ওপৰতেই পৰিল। তাইৰ মোৰ মাজত সন্ধিয়া যি নহ’লেও মই তাইৰ বয়ফ্ৰেণ্ড। মাহীয়েকৰ ঘৰৰ আগৰ কেঁকুৰীটোলৈ তাইৰ মোৰ মাজত এটা শব্দৰো বিনিময় হোৱা নাছিল। কেঁকুৰীটোত গাড়ী ঘূৰোতেই তাই নিজে ক’লে “ছৰী। বহুত বেয়াকৈ ক’লো।” মই একো নামাতিলোঁ। মাহীয়েকৰ ঘৰ পোৱাত গাড়ীৰ পৰা নামিব লৈ ক’লে, “তুমি মোৰ দৰে ছোৱালী নাপাবা আদি। ইমান দূৰত থাকিও তোমাক পাহৰি যোৱা নাই। বহুতে দিল্লীৰ বতাহ লগাই লৈ অসমৰ প্ৰেমিকক পাহৰিলে হয়। প্ৰতিটো প্ৰপ’জেল বয়ফ্ৰেণ্ড আছে বুলি কৈয়েই প্ৰত্যাখ্যান কৰিছোঁ। তাৰ পিছত সাধাৰণ কাপোৰৰ কাৰণে মোক হকা বধা কৰাটো উচিত নহয়। চুটি কাপোৰ সকলোৱেই পিন্ধে।”
“ৰ’বা”- তাই দুৱাৰ খুলি নামিব লওঁতেই মই মাত দিলোঁ। মোবাইলত চেভ হৈ থকা কেইখন মান বিশেষ ফটো উলিয়াই তাইলৈ আগবঢ়াই দিলোঁ।
“আদি তুমি ভুল ভাবিছা। ছাৰ আৰু মোৰ একো সম্পৰ্ক নাই এইবোৰ। এইবোৰ সকলো photoshop কৰা।”
“মোবাইলটো দিয়া মোক।”
“আদি তুমি ভুল নুবুজিবা। এইবোৰ সঁচাকৈ পলাশ ছাৰ আৰু মোৰ মাজত একোৱেই নাই।”
“পলাশ ৰঞ্জন চলিহা মোৰ সম্পৰ্কীয় দাদা হয়। ভাল লাগিছে মোৰ বৌ হ’বলৈ গৈ আছা বুলি জানি।”
“নহয় আদি। ছাৰৰ লগত সেইবোৰ মোৰ একোৱেই নাই।”- তাই মোৰ হাতখনত খামুছি ধৰিছিল। আচাৰ মাৰি এৰুৱাই দিছিলোঁ। পলাশ দাদাৰ মুখেৰে তাইৰ গৰ্ভত ইতিমধ্যে স্থিতি লোৱা ভ্ৰূণটোৰ কথা গম পাইছিলোঁ। সেয়েই সিদ্ধান্ত লৈছিলোঁ আঁতৰি অহাৰ। আৰু তায়ো সেয়াই বিচাৰিছিল। সিমানতেই শেষ হৈছিল নেহা আৰু মোৰ আঠ বছৰীয়া সম্পৰ্কৰ। তাই মোৰ লগত বিশ্বাসঘাটকতা কৰিলেও পাহৰিব নোৱাৰোঁ মই তাইক। প্ৰথম প্ৰেম তাই মোৰ।
এটা সময়ত নেহাক পাহৰিছিলোঁ। বৌ বুলি মাতিব নোৱাৰিলোঁ তাইক কোনোদিন তথাপি পাহৰি গৈছিলোঁ যে এটা সময়ত দিনটোৰ আৰম্ভণি আৰু শেষ তাইৰেই হৈছিল। তেতিয়ালৈ এনিশা আহিছিল মোৰ জীৱনত। নিশান্তৰ সহকৰ্মী বাবে প্ৰায়েই লগ পাইছিলোঁ তাইক। আমাৰ চহৰত নিশান্তই তাইৰ একমাত্ৰ সাৰথি।
“নিশু দাৰ বেষ্ট ফ্রেণ্ড ন আপুনি? কৈ থাকে আপোনাৰ কথা। মই এনিশা। এনিশা ফুকন।”
“নমস্কাৰ। মই আদিত্যম।”
এদিন তাই কাম কৰা কলেজৰ ওচৰৰ গুমটি খনত চিনাকি হৈছিলোঁ। ৰিচার্জ কৰি চকলেট কিনিছিল তাই এটোপোলা।
“কাৰ বাবে?”- কৌতুহল দমাব নোৱাৰি সুধিছিলোঁ মই।
“মোৰ বাবেই।”- হাঁহি মাৰি কৈছিল তাই। গুলপীয়া লিপষ্টিক সনা ওঁঠ দুটিৰ মাজত ডালিম গুটীয়া দাঁত দুপাৰিৰ লগতে বেৰীয়া দাঁত এটি জিলিকি উঠিছিল।
সেই চিনাকীয়েই চিনাকী। নিশান্তৰ চৰকাৰী চাকৰি হোৱাত সি গুৱাহাটী পালে। তাই ৰৈ গ’ল ইয়াতেই। তাইক সুধিছিলোঁ এদিন, “ইমান দূৰত আছা মনত নপৰেনে ঘৰলৈ?”
“দেউতা আৰু দাদাৰ মৰমেৰে আৱৰি ৰখা এজন ইয়াত আছেই চোন। মনত পৰিবলৈ বিশেষ কাৰণ বিচাৰিয়েই নাপাওঁ।”
“ইমানো ভাল নহয় মই যিমান তুমি ভাবিছা।”
“জানো মই। বহুত দুষ্ট আপুনি। বৰ দুষ্ট আপোনাৰ হৃদয়খন। সকলোবোৰ বুজিও নুবুজাৰ অভিনয় কৰে। কিমান আৰু যোৱা জনীৰ কথা ভাবি জীৱন কটাব। এয়াই শেষ নহয়। জীৱনটো বহুত দীঘল হৈ পৰি আছে আপোনাৰ আগত। বৰলা হৈ থাকিব নেকি চিৰ জীৱন?…..”
বহুত কিবা কিবি কৈছিল তাই সিদিনা। দীঘল চুলি ভালপোৱা ল’ৰাজনে সিদিনা চুটি চুলিৰ গৰাকীৰ প্ৰেমত পৰিছিলোঁ। তাইক লগ পাবৰেই পৰা বুকুত আধৰুৱাকৈ বাজি উঠা সুৰবোৰ লগ লগাই চাইছিলো। সিদিনা নহয়, মই বহুত আগতেই তাইৰ প্ৰেমত পৰিছিলোঁ। মাথোঁ মনটোক কঠোৰ ভাবে দমাই ৰাখিছিলোঁ।
তাই ছুটি লৈ ঘৰলৈ গৈছিল। সেইবাৰ মই দৰা সাজি তাইক আনিবলৈ গৈছিলোঁ।
“আমি হ’লি বৰেৰপুৱাই উঠি বান্নি লৈছিলু হাতোত। শহুৰ আহুন বাইহা চতলত ভৰি দিবা নাপইছিল। ইতাৰ আপী কত সিগলা জানবো। কাপুৰ কানি মেলি দিওঁতেও কতো কি নিওম। মেখলাৰ তলেদি মৰদ মানহু পাৰ হ’বা নাপ্পে।”- সৰু আইতাৰ কথাখিনিত তাই মুখ মেলি ৰৈ গৈছিল। তিনি বছৰ ইয়াত থাকিলেও গাঁৱলীয়া ভাষাৰ লগত পৰিচয় হোৱা নাছিল তাইৰ। বিয়াৰ পিছৰ ডেৰ বছৰ মান তাইক বজালীয়া ভাষা শিকাওতেই গৈছিল।
বিয়াৰ পিছতেই ন-ছোৱালীক ঘৰ দেখুৱাওঁ বুলি আলহী অতিথি বহুতেই মাতিছিল। পলাশ দাদাহঁতেও মাতিছিল। আহিবৰ সময়ত নেহা আৰু এনিশাই সৰু সৰুকৈ কিবা কথা পাতিছিল। নেহাই তাইক কৈছিল মোৰ পছন্দবোৰৰ কথা, মই বেয়াপোৱা বোৰৰ কথা, মোৰ অলপতে উঠা খংটোৰ কথা, লগতে তাইৰ মোৰ আঠ বছৰীয়া সম্পৰ্কৰ কথা। সিদিনা ৰাতি এনিশাই মোৰ চুলিৰ মাজে মাজে আঙুলি বুলাইছিল। কৈ গৈছিল সকলো, নিশান্তই বহু আগতেই তাইক মোৰ জীৱনৰ সকলো কোৱাৰ কথাবোৰ, তাইক সকলোবোৰ জানিয়েই নিজেই আগ বাঢ়ি অহাৰ কথাবোৰ। প্ৰেমত পৰিছিলোঁ তাইৰ আকৌ এবাৰ। তাইৰ মোৰ সংসাৰখন বৰ সুখৰ আছিল। তিনিটা বছৰ পাহাৰে ভৈয়ামে ঘূৰি ফুৰি শেষলৈ সংসাৰ বঢ়োৱাৰ সিদ্ধান্ত ল’লো। তাইৰ ভিতৰত জীৱ এটিৰ উপস্থিতিৰ উমান পাওঁতেই ধৰা পৰিছিল তাইৰ জৰায়ুত বাঢ়ি অহা টিউমাৰটো। ডাক্তৰে স্পষ্টকৈ জনাই দিছিল, হয়তো সন্তান নহ’লে মাক। জীউৰ জন্মৰ আগমুহূৰ্তত তাই মোৰ হাতত জোৰেৰে খামুচি ধৰিছিল। দুচকু চলচলীয়া হৈ পৰিছিল দুয়োৰে। এবাৰ তাইৰ বুকুত মূৰটো গুজি দিছিলোঁ। চুলিখিনিত আঙুলি বুলি তাই কান্দি কান্দি কৈছিল, “মই OT ৰ পৰা বাহিৰলৈ এনেকৈয়েই ওলাই আহিম। আমাৰ সংসাৰখন পূৰ্ণ হ’ব। আপুনি এনেকৈ ভাঙি পৰিলে মই সাহস কেনেকৈ পাম? আপুনি দুখ নকৰিব। নাকান্দিব চোন। মই কথা দিছোঁ, মই এনেকৈয়েই ঘূৰি আহিম।”
তাইও প্ৰতাৰণা কৰিলে। ঘূৰি আহিম বুলি কৈ ঘূৰি নাহিল। জীউক মোৰ কোলাত অকলে এৰি তাই বহু দূৰলৈ গুচি গ’ল। হাঁহিবলৈ শিকাই হাঁহিটো কাঢ়ি লৈ গ’ল। স্বার্থপৰৰ দৰেই মোৰ কান্ধত এটি দায়িত্ব এৰি মোক মৌনতাৰ চাদৰখনেৰে চিৰদিনলৈ ঢাকি থৈ গ’ল।
আজি জীউৰ স্কুলৰ এডমিছনৰ ফৰ্ম খন ফিল আপ কৰিবলৈ বহিছোঁ।
পিতৃৰ নাম- আদিত্যম কলিতা
মাতৃৰ নাম- ৺এনিশা ফুকন কলিতা
মনে নামানিলেও তাইৰ নামৰ আগত চন্দ্ৰবিন্দুটো লগাই দিলোঁ মই।