
কাইলৈ অৰ্থাৎ ১০ ডিচেম্বৰ তাৰিখ CBSE একমাত্ৰ কন্যা শিশু জলপানি, ২০২০ৰ আবেদনৰ অন্তিম তাৰিখ। ইচ্ছুক শিক্ষাৰ্থীয়ে CBSE ৰ অফিচিয়েল ৱেবচাইট cbse.nic.in ত আবেদন কৰিব পাৰে।
যিসকল একমাত্ৰ কন্যাশিশু ২০২০ চনত CBSE অধীনৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬০% অথবা তাতকৈ বেছি নম্বৰ সহ উত্তীৰ্ণ হৈ বৰ্তমান যিকোনো CBSE অধীনৰ শিক্ষানুষ্ঠান য’ত মাহিলী মাচুল ১,৫০০ টকাতকৈ বেছি নহয়, তেনে শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহন কৰি আছে, তেওঁলোকে এই জলপানিৰ বাবে আবেদন কৰিব পাৰিব।
কেনেকৈ আবেদন কৰিব-
১. CBSE ৰ অফিচিয়েল চাইট cbse.nic.in লৈ যাওক।
২. মুখ্য পৃষ্ঠাৰ তলৰ ফালে থকা জলপানিৰ লিংকত ক্লিক কৰক।
৩. নতুন পৃষ্ঠাত CBSE Scholarship Scheme for single girl child 2020 লিংকত ক্লিক কৰক।
৪. আবেদন পত্ৰ ডাউনলোড কৰক।
৫. পূৰণ কৰি জমা কৰক।
৬. ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে আবেদন পত্ৰৰ এটা কপি প্ৰিন্ট কৰক।
আবেদনকাৰীৰ যোগ্যতা-
১. আবেদনকাৰী একমাত্ৰ কন্যা সন্তান হ’ব লাগিব।
২. দশম শ্ৰেণীৰ পৰীক্ষাত ৬০ শতাংশ অথবা তাতকৈ বেছি নম্বৰপ্ৰাপ্ত হ’ব লাগিব।
৩. শিক্ষানুষ্ঠানৰ মাহিলী মাচুল ১,৫০০তকৈ বেছি হ’ব নোৱাৰিব।
৪. দশম শ্ৰেণীৰ পিছত আবেদনকাৰী CBSE অধীনৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি থকা হ’ব লাগিব।