
অসমত পুনৰ “কা” বিৰোধী আন্দোলন। শিৱসাগৰত অসমৰ ১৮ টা দল সংগঠন একত্ৰিত হৈ আৰম্ভ কৰিলে কা বিৰোধী আন্দোলন। প্রতিবাদী মঞ্চত পুনৰ উভতি আহিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। অগ্নিবৰষা ভাষণেৰে শিৱসাগৰত বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি শৃংখল চলিহাৰ মুকলি ঘোষণা- “২১ৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ পৰাই অৱতীৰ্ণ হ’ব কাৰাবন্দী কৃষক নেতা অখিল গগৈ।”