
মানুহজন ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসত সৰ্বস্বান্ত হোৱা এটি পৰিয়ালৰ। যোৱাকালি মথাউৰি আৰু ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া চাবলৈ নৈৰ পাৰলৈ এপাক মাৰো বুলিয়েই গৈছিলো। নৈৰ পাৰ পাওতেই দেখা পালো এজন আদহীয়া ব্যক্তি দুখ, ক্লেশ, এশ-এবুৰি মানসিক যন্ৰণা লৈ ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজ মজিয়া লৈ একেলেঠাৰিয়ে ৰ লাগি চাই আছে।
লাহেকৈ ওচৰলৈ গৈ সুধিলো – ককাইদেউ কিনো ভাবি আছে?
মোৰ ফালে চাই ক’লে – অ তুমি? আহা বহা।
মানুহজনৰ দুখৰ সমভাগী হ’বলৈ মনে মনে মানুহজনৰ ওচৰতে বহিলো। মানুহজনে ক’বলৈ আৰম্ভ কৰিলে – কিনো ভাবিম ভাইটি, এইখন নদীৰ বুকুত আমাৰ শ শ বিঘা মাটি বিলীন হৈ গৈছে। কেইবাখনো গাওঁ কাচাৰীপাৰা, হাতেমা, পাজাৰভাঙা, বেলৰটাৰী, চন্দনপুৰ আদিকে ধৰি প্ৰায় ৩০ খন গাওঁ বছৰৰ পাছত বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত চকুৰ সন্মুখত বিলীন হৈ গ’ল। হিন্দু-মুছলমান, বড়ো-কছাৰী, আমি একেলগে থাকিছোঁ, একেলগে খাইছো।
কি যে সুন্দৰ পৰিবেশ ভেদ ভাৱ নথকা এখন সুন্দৰ সমাজ। আত্মীয়-স্বজন, বন্ধু-বান্ধবী, সেই বড়ো, কচাৰী যি সকলৰ লগত শৈশৱত খেলাধুলাৰে পাৰ কৰিছিলো সেই সকলোৱে যিয়ে যেনেকৈ য’ত পাৰে দুৰ দুৰণিত সামান্য মাটি বাৰী কিনী ঘৰ কৰিলে। যিসকলে নোৱাৰিলে সেইসকলে কোনোবা গো ৰিজাৰ্ভ নাইবা চৰকাৰী ভুমিত আশ্ৰয় গ্ৰহন কৰি ঘৰ বাৰী সাজি ল’লে। তাতেই কোনোবা ৰাজনৈতিক স্বাৰ্থ বিজড়িত মানুহখিনিয়ে এইসকল চৰকাৰী ভুমিত সন্দেহজনক বাংলাদেশীয়ে ঘৰ সাজিলে বুলি পেপাৰ পত্ৰিকাত প্ৰচাৰ কৰি প্ৰশাসনৰ সহায়ত চৰকাৰী বল্ডোজাৰেৰে উচ্ছেদ চলালে। বহুতেই মাটি বাৰী কিনিব নোৱাৰি অঘৰী জীৱন কটাবলৈ আৰম্ভ কৰিলে যাৰ ফলত বিশ্বৰ ইতিহাসত নথকা “D” ৰ দৰে জঘন্যতম শব্দটো ভোটাৰ তালিকাত বহুৱাই ডিটেনশ্বন কেম্পত আবদ্ধ হ’ব লগীয়া হ’ল।
বহুত চৰকাৰ আহিল আৰু গ’ল। কিন্তু গৰাহখহনীয়াকে ধৰি “ডি ভোটাৰ”ৰ সমস্যাখিনিও আজিলৈ কোনেও সমাধান নকৰিলে। আমি বহুবাৰ দাবী কৰিলো আমাক গৰাহখহনীয়া পীড়িত অঞ্চল বুলি প্ৰমান-পত্ৰ দিয়াৰ লগতে পুনৰ সংস্হাপন দিব লাগে। কিন্তু কোনে শুনিব আমাৰ বিননি? আমি পালো মাথো প্ৰতিশ্ৰুতি!
এইখিনিত বহি সেই শৈশৱ স্মৃতিবোৰৰ লগতে গাৱৰ সুন্দৰ পৰিবেশ, বন্ধু বান্ধৱী, আত্মীয় স্বজনৰ মিলা প্ৰীতিৰ মাজৰ কল্পনা ৰাজ্যত ক্ষন্তেকৰ বাবে বিলীন হৈ গৈছিলো।
নদীৰ পাৰত বাস কৰা সৰু পজাটোলৈ আঙুলিয়াই দি ক’লে এইখনেই মোৰ সৰু পজা। ভাবিছিলো ইয়াতেই থাকি জীৱনৰ অন্তিম মেলানি মাগিম। কিন্তু তাতো দেখিছোঁ নহ’ব! আজি কেইদিন মান ধৰি প্ৰবল খহনীয়াৰ ফলত পাজাৰভাঙা আৰু বেলৰটাৰীৰ অৱশিষ্ট অংশখিনিও জাহ যাবলৈ ওলাইছে। পালহাজী অঞ্চললৈও বৰ্তমান তীব্ৰ ভাবুকি আহিছে। তাতেকৰি ওচৰৰ ভোগেৰপাৰ,ডক্ৰেশ্বৰ হিন্দু গাঁওখনো বিলীনৰ পথত আগবাঢ়ি গৈছে।
বিশেষকৈ নৰসিংহৰ দিনৰ ডক্ৰেশ্বৰ দেৱালয়ৰ পৰা নদী মাথোঁ ৫০ মিটাৰ দূৰত নদীখন। চিন্তা কৰিছো! কছাৰী পাৰা জাহ যোৱাৰ পাছত সুহা, ভোগেৰপাৰ, বাৰাদি,আৰু ডক্ৰেশ্বৰৰ হিন্দু -মুছলমানৰ মাজৰ শান্তি সম্প্ৰিতিৰ সুন্দৰ নিদৰ্শন হয়তো আমি অচিৰেই চিৰদিনৰ বাবে হেৰুৱাই পেলাম। মুছলমানৰ মছজিদত আজান, হিন্দুৰ নামঘৰত সুন্দৰ নাম, দেৱালয়ত ডবাৰ যি সুন্দৰ টুডূম টূডুম শব্দই গাঁওখনৰ পৰিবেশ ৰজন জনাই তুলি গোটেই চৌপাশৰ হিন্দু মুছলমানৰ শান্তি সম্প্ৰিতিৰ যি সুন্দৰ পৰিবেশ বিৰাজ কৰিছিল সেই মাদকতাৰ ইতিহাস যেন অচিৰেই ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসত চিৰদিনৰ বাবে বিদায় ল’বলৈ গৈ আছে অ।”
কথাখিনি শেষ নহওঁতেই বেচেৰা দুৰ্ভগীয়া মানুহজনে হুকহুকাই কান্দি আবেগ বিহব্বল হৈ ভাগি পৰিল।
(সম্পাদিত) ফ’টো ও মূল পোষ্ট – Jainuddin Ahmed