
অসমৰ শেহতীয়া নিৰ্বাচনে কেইটামান কথা ষ্পষ্ট কৰি দিলে, তাৰে প্ৰথমটো হল অসমৰ গৰিষ্ঠসংখ্যক মানুহ ৰাজনৈতিক ভাৱে উদাসীন আৰু আমিৰ খানৰ “গজিনী” চিনেমাৰ সঞ্জয় সিংঘানিয়াৰ দৰে পাহৰি যোৱা বেমাৰটো আছেই।
মোৰ মতে কংগ্ৰেছ দলে এইবাৰৰ নিৰ্বাচন “হাতত পাই বাটত হেৰুৱালে”। কাৰণ অসমৰ মানুহৰ মৌলিক প্ৰয়োজন পূৰণত যে বিজেপি নেতৃত্বাধীন শাসকীয় দলটো ব্যৰ্থ হৈছিল যোৱা পাঁচটা বছৰে তাক তুলি ধৰিব পৰা নাই। উদাহৰণ স্বৰূপে, হয়তো কথাটো সৰু যেন লাগিলেও, DY 365ৰ সাংবাদিক চক্ৰপাণি পৰাশৰে যুগুতোৱা বাতৰিৰ কথাটোৱেই ধৰি ল’ব পাৰি। চক্ৰপাণি পৰাশৰে যুগুতোৱা বাতৰিত যি মিথ্যাচাৰ উদঙাই দিছিল প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ নামত তাক বিৰোধীয়ে বহুলভাৱে প্ৰচাৰ কৰাৰ প্ৰয়োজন আছিল।
এইকাৰণেই কথাষাৰ কৈছো যে, তেনেকুৱা ধৰণৰ ঘটনা পশ্চিমবংগতো হৈছিল তাক লৈ টুইটাৰত ট্ৰেণ্ড পৰ্যন্ত আৰম্ভ হৈ গৈছিল, পিছত বিজেপি চৰকাৰে বাধ্য হৈছিল তাৰ ভুল স্বীকাৰ কৰিবলৈ। আৰু অসমত? দুই এজন ছ’ছিয়েল মিডিয়া কৰ্মীয়ে কথাটো জনাৰ বাদে আন কোনেও বস্তুটো গুৰুত্বই নিদিলে। দ্বিতীয়তে, মূল্যবৃদ্ধিৰ প্ৰসংগটো হাইলাইট কৰিব পৰাকৈ বিৰোধী পক্ষৰ কোনেও পৰিশ্ৰম নকৰিলে, তাৰ বাবে হোমৱওৰ্ক নকৰিলে। তেনেকুৱা কৰা হ’লে, আজিৰ অৱস্থা নহ’লহেতেন! চাউল, দালিৰ পৰা আৰম্ভ কৰি চিমেণ্ট, বালি আদি কি নাই য’ত মূল্যবৃদ্ধি হোৱা নাই। কৃষিজীৱি ৰাইজৰ সমস্যাৰাজিক তুলি ধৰিব পাৰিলেও বহুখিনি ফলদায়ক হ’লহেঁতেন বুলি ভাবো। আনহে নালাগে, কৃষি আইন তিনিখনৰ কথা কৈয়ো কিছু পৰিমাণে সফল হ’লহেতেন, কিন্তু আফচোচ, কংগ্ৰেছ দলত কাম কৰা মানুহ নাই। এআইইউডিএফ দলৰ সৈতে হোৱা মিত্ৰতা ভুল নাছিল, কিন্তু এআইউডিএফ দলৰ অপৰিপক্ক নেতাৰ কিছুমান অসংযমী মন্তব্যই বিজেপি চৰকাৰ হোৱাত সাৰ পানী যোগালে। বিশেষকৈ স্বয়ং বদৰুদ্দিন আজমলে ডাঙৰীয়াৰ চৰকাৰ গঠন হ’লে মাদ্ৰাছা খোলাৰ মন্তব্য। ইচ্ছা কৰিলে আজমল চাহাবে এই মন্তব্য এৰাই চলিব পাৰিলেহেঁতেন। তেখেতে অসমৰ শিক্ষা আৰু স্বাস্থ্যখণ্ডত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে দেখি তেখেতে নিজৰ ভাষণবোৰ তেনেকুৱা ইচ্ছ্যুবোৰৰ মাজতে সীমাবদ্ধ ৰাখিব লাগিছিল, যিটো হ’লহেঁতেন খুবেই বুদ্ধিমান কাম।
তাকে নকৰি মনত যি আহে তাকে কৈ ফুৰাটো শাস্ত্ৰমতে পাপ। স্থান কাল পাত্ৰ চাই মন্তব্যবোৰ দিব নাজানিলে তাক নেতা দূৰৰ কথা মানুহ বুলিলে ক’ব নোৱাৰি। তাৰ ঠাইত হিমন্ত বিশ্ব শৰ্মাৰ “চাচা মামাৰ ভোট নালাগে” বুলি কৈ উজনিৰ ৰাইজক হিন্দুত্ববাদী চিন্তাৰে উদ্বুদ্ধ কৰি নামনিত আহি আকৌ সুৰ সলাব পৰাটো ৰাজনীতিৰ অংশ। হয়তো প্ৰয়াত তৰুণ গগৈ চাহাবৰ পৰা শিকা কিটিপটো হিমন্তই ধুনীয়াকৈ খটুৱালে। দহবছৰ আগৰ “হু ইজ বদৰুদ্দিন” হৈ পৰিল “চাচা মামাৰ ভোট নালাগে”! আজমল ফবিয়াত আক্ৰান্ত অসমীয়াৰ বাবে এয়া আছিল সঞ্জীৱনী শক্তি। সাপ হৈ খুটিব জানে আকৌ বেজ হৈ জাৰিব জানে হিমন্তই। এইক্ষেত্ৰতো বিৰোধী বিফল। আৰু নতুন কৈ জন্ম হোৱা (হিমন্তই জন্ম দিয়া!) অসম জাতীয় পৰিষদে কাৰ্বন ডাই-অক্সাইডৰ দৰে কাম কৰিলে। দলটোৰ জন্মতেই ইয়াৰ উদ্দেশ্য ৰাইজে বুজি উঠিছিল। উজনি আৰু মধ্য অসমৰ বহুকেইটা সমষ্টিত অসম জাতীয় পৰিষদে কেনেকৈ বিজেপিক প্ৰত্যক্ষভাৱে সহায় কৰিলে সেয়া স্পষ্ট। হিমন্তই জানিছিল “কা” আন্দোলনকাৰী সকলক কংগ্ৰেছ দলে এক কৰিব পাৰিলে তাৰ কাম শেষ। সেয়েহে অতি ক্ষিপ্ৰতাৰে AJP গঠন কৰি CAA বিৰোধী ভোটবোৰ ভাগ কৰি সেই পথ মসৃণ কৰিলে হিমন্তই। যোৰহাট, ডুলীয়াজান, নাহৰকটীয়া, বিহপুৰীয়া আদি সমষ্টিত একমাত্ৰ লুৰিণৰ বাবেই কংগ্ৰেছ প্ৰাৰ্থীসমূহে পৰাজয়বৰণ কৰিলে। মহাৰাষ্ট্ৰৰ দৰে কংগ্ৰেছ দলে যদি লুৰিনক উপ-মুখ্যমন্ত্ৰী বা অন্য কিবা প্ৰতিশ্ৰুতিৰে বুজাব পাৰিলেহেঁতেন নিশ্চয় ফলাফল অন্য কিবা হ’লহেঁতেন। অন্যহাতে, অখিল গগৈৰ চিঠিয়ে উজনিৰ বহু জনগণক বুজাই দিছিল, প্ৰমাণ কৰি দিছিল যে কংগ্ৰেছে মহাভুল কৰিছে এআইইউডিএফৰ সৈতে মিত্ৰতা কৰি। অখিলৰ মনত পৰিছিল যে এইখন অসমত মিঞাক গালি নাপাৰিলে নেতা হ’ব নোৱাৰি! সেই কাৰণেই চাগৈ ঠিক নিৰ্বাচনৰ বতাহ গৰম হৈ থকাৰ মাজতে তেখেতৰ চিঠি দিয়াৰ প্ৰয়োজন হ’ল যিয়ে পৰৱৰ্তী সময়ত কংগ্ৰেছৰ বহু ভোট নষ্ট কৰিলে। অৱশ্যে পৰৱৰ্তী সময়ত ৰাইজৰ দলে যধে-মধে প্ৰাৰ্থীত্ব নিদি মহাজোঁটক কিছু পৰিমাণে ৰক্ষা কৰিলে। পিছে ৰাইজৰ দল আৰু অজাপৰ মিত্ৰতা নোহোৱাটোও এটা পয়ালগা দিশ বুলি কব পাৰি। ঠিক যিদৰে কংগ্ৰেছ আৰু এআইইউডিএফ ৰ মিত্ৰতাৰ স্পষ্ট আৰু প্ৰশংসনীয় নাছিল। বৰক্ষেত্ৰীৰ দৰে সমষ্টিত এআইইউডিএফ দলে প্ৰাৰ্থীত্ব দি কংগ্ৰেছৰ বাবে যি বাধা থিয় কৰাইছিল সেয়া নিশ্চয়কৈ অশুভ। যিকেইটা ভুলৰ বাবে মহাজোঁটে চৰকাৰ গঠন কৰিব নোৱাৰিলে সেইবোৰৰ অন্যতম হ’ল – সাংগঠনিক ভেটি মজ্বুতকৈ গঢ়ি তোলাত ব্যৰ্থ হ’ল কংগ্ৰেছ। তাৰ পিছত যিটো গুৰুতৰ ভুল কৰিলে সেয়া হল সিহঁতৰ নেতৃত্ববিহীনতা। তৃতীয়তে, কংগ্ৰেছ কৰ্মী (স্বয়ং মন্ত্ৰী বিধায়ক সকল) বাৰুকৈয়ে অতুৎসাহী। সিহঁতে বাংলাদেশৰ বেটছমেন মুছফিকুৰ ৰহমানৰ ২০১৬ চনৰ এছিয়া কাপ ফাইনেল খেলখনত কৰাৰ দৰে জিকাৰ সম্ভাৱনা দেখিয়েই জাঁপ মৰাটো মহামুৰ্খামি। ইমানৰ পিছতো কংগ্ৰেছ দলে যি সফলতা দেখুৱালে সেয়া অতিকৈ প্ৰশংসনীয়।
শেষত কওঁ, কংগ্ৰেছ দলৰ বাবে নিষ্ঠাৰে কাম কৰা মানুহক প্ৰাপ্য সন্মান দিব শিকক নেতা পালি নেতা আটাইয়ে। অধ্যয়নৰ প্ৰয়োজন আছে, অনুশীলনৰ প্ৰয়োজন আছে। দলত নতুন আৰু উদীয়মান যুৱ নেতাৰ অভাৱ আছে। ছিৰিয়াছ্লি কৈছো, বিশেষকৈ উচ্চ পৰ্যায়ৰ নেতা সকলে কিতাপ বহী কিনি অধ্যয়ন-অনুশীলন কৰি থাকক ২০২৪ ৰ লোকসভা নিৰ্বাচনতে ইয়াৰ ফল পাব! একোৱেই কৰিব নোৱাৰিলে, দোকানৰ ছেলছমেনৰ পৰা কিনা-বেচাৰ (গ্ৰাহকক মুগ্ধ কৰিব পৰাকৈ কিটিপ আয়ত্ত কৰিবলৈ শিকক)!