
সুদীৰ্ঘ ৭৫ বছৰৰ পিছত ইংৰাজীলৈ অনুবাদ হ’ল কালজয়ী উপন্যাস ‘অসীমত যাৰ হেৰাল সীমা’।
১৯৪৫ চনত ভুৱনমোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামৰে লিখি উলিয়াইছিল ‘অসীমত যাৰ হেৰাল সীমা’। ৭৫ বছৰৰ অন্তত লেখক, অনুবাদক আৰু গৱেষক ছেলিম এম হুছেইন আগবাঢ়ি আহিছে উপন্যাসখন অনুবাদ কৰিবলৈ। তেওঁ ইতিমধ্যে অনুবাদৰ কাম সমাপ্ত কৰিছে।
উপন্যাসখন অনুবাদ কৰাৰ সন্দৰ্ভত হুছেইনে কয় – ভুৱনমোহন বৰুৱাৰ ভতিজা দীপক বৰুৱা হাতত গ্ৰন্থস্বত্ব আছিল আৰু তেওঁৰ অনুমতিৰ পিছত এই কাম হাতত লোৱা হৈছে আৰু ছপাশাললৈ যোৱাৰ পূর্বেও তেওঁৰ অনুমোদন ল’ব লাগিব। গুৱাহাটীৰ Papyrus প্রকাশন গোষ্ঠীয়ে গ্ৰন্থখন প্রকাশ কৰিব বুলিও জানিবলৈ দিছে হুছেইনে।
অসমৰ কামৰূপ জিলাৰ নিবাসী হুছেইনে ২০১৫ চনতে এই কাম হাতত লৈছিল। ইংৰাজী অনুবাদতো তেওঁ গ্ৰন্থখনৰ নামটো ‘অসীমত যাৰ হেৰাল সীমা’ (Asimot Jar Heral Sima) ৰখাৰ পৰিকল্পনা কৰিছে।