অসমদেশবিনোদন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এবাৰ দৰ্শন কৰিবলৈ বলীউডৰ তাৰকা অক্ষয় কুমাৰক আহ্বান

বিশ্বৰ সর্বাধিক এটা খড়গ থকা গড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এবাৰ দৰ্শন কৰিবলৈ বলীউডৰ তাৰকা অক্ষয় কুমাৰক আহ্বান জনায় উদ্যান কর্তৃপক্ষই।  বন্যপ্রাণী সুৰক্ষাৰ কথা চিন্তা কৰি বলীউডৰ তাৰকা অক্ষয় কুমাৰে উদ্যান কর্তৃপক্ষলৈ বিগত বৰ্ষত আগবঢ়াইছিল এক কোটি টকা ।

অক্ষয় কুমাৰে আগবঢ়োৱা ধনেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যানখনৰ বন্যপ্রাণীৰ সুৰক্ষাৰ কাৰণে কেইবাটাও নির্মাণ কাৰ্য আৰম্ভ কৰিছে অাৰু সেইবোৰ সম্পূৰ্ণ  হ’লে প্ৰায়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়া মতে, বিগত বৰ্ষত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত প্রলয়ংকাৰী বানপানীৰ সৃষ্টি কৰিছিল। এই বানত বহু সংখ্যক বন্যপ্রাণীৰ মৃত্যু হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্রাণী বানত মৃত্যু হােৱা বা বানপানীৰ ফলত বন্যপ্রাণীৰ হাহাকাৰ অৱস্থাৰ কথা সংবাদ মাধ্যম যােগে জানিব পাৰি বলীউডৰ তাৰকা অক্ষয় কুমাৰে ব্যথিত হৈ পৰে অাৰু উদ্যানখনৰ বন্যপ্রাণীৰ সুৰক্ষাৰ কাৰণে এক কোটি টকা আগবঢ়ায়।

 এই কামবােৰ আগন্তুক ফেব্ৰুৱাৰী বা মার্চ মাহত শেষ হব আৰু কাম সম্পূর্ণ হােৱাৰ পিছত অক্ষয় কুমাৰলৈ উদ্যান কর্তৃপক্ষই এক প্রতিবেদন প্ৰেৰণ কৰাৰ লগতে তেওঁ আগবঢ়োৱা ধনেৰে নির্মাণ কৰা কাম তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ তেওঁক আহ্বান জনাব বুলি সঞ্চালক পি শিৱকুমাৰে জনায়।

Featured image: INSTAGRAM/AKSHAYKUMARWORLD

Inu Etc

I’m Inu Etc, the founder of Zillion Media & Inuidea, a school dropout entrepreneur, blogger, creator, consultant, marketer, traveler, and a hustler like you. I’m the co-owner of Antelax, a Mumbai based affordable web development agency. I document my journey on my YouTube channel (Hindi), and on my Hindi language podcast – The Inu Etc Show. My aim is to make every teenager a side hustler. I help young hustlers build their own online business and I always try to help people through social media and Inuidea. My main goal is to travel the whole world and I want to make our world greener to inhale fresh oxygen.

Related Articles

Back to top button