
বোধহয় ২৭ তাৰিখ আছিল। অখিলৰ জামিন আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰিছে। সেইদিনা জামিন আবেদনৰ শুনানি আছে বুলি জানো। কলেজত ক্লাছ কৰি থকাৰ বাবে মই খবৰটো লব পৰা নাছিলোঁ। ক্লাছলৈ মই ফোন নিনিওঁ। ১২মান বজাত শ্ৰেণীৰ পৰা ওলাই দেখিলো অচিনাকী নম্বৰৰ পৰা কেইবাটাও ফোন। ফোন কৰাত ক’লে, অখিলৰ চিকিৎসক। খুব উদ্বিগ্নতাৰে আৰু সহৃদয়তাৰে কৈছিল, অখিলৰ ওচৰলৈ তেতিয়াই যাবলৈ। ‘আমি অলপ আগত চাই আহিলো। তেওঁ অকলে আছে- কথাটো চিন্তনীয়।’ তাৰ পাছতহে মই গম পালোঁ, জামিন নাকচ হোৱাৰ কথা।
সেইদিনা চিকিৎসালয়লৈ গৈছিলোঁ। অখিলে একো মতা নাছিল, এটা কথাও কোৱা নাছিল। চিকিৎসকৰ কথা মতে নাৰ্চসকলে সেইদিনাই তেওঁ খাই থকা দৰৱখিনি নিজৰ জিম্মালৈ লৈ গ’ল। সময়ত আহি খুৱাই যায়।
সেইদিনা ৰাতি আইনী বিষয়টো আলোচনা কৰিবলৈ মই শেষবাৰৰ বাবে অধিবক্তাৰ ওচৰলৈ গ’লো। তাৰ পাছত এই বিষয়ে কাৰো লগত একো কথা পতা নাই। উচ্চতম ন্যায়ালয়ৰ আবেদনৰ কোনো খবৰে মই লোৱা নাই।কাৰণ মই বুজি উঠিলো, দেখাত মিত্ৰ যেন লগা বহু পক্ষই অথিল জেইলত থকাটো বিচাৰে। তেওঁলোক নিজৰ চেষ্টাত সফল হ”ল।
এতিয়া বহুতে মোক আইনী সাহায্যৰ বাবে দিয়া পইচা ঘূৰাই বিচাৰিব ধৰিছে। বহু লোকে, আনকি, যাক বন্ধু বুলি জানিছিলোঁ, সেই সকলেও ভাবে অখিল জেইলত থকা, বেমাৰ হোৱা সকলোবোৰেই অভিনয়। হেণ্ডকাফ লগোৱা, কভিড পজিটিভ-নিগেটিভ লৈ হোৱা কাৰচাজি, ৰাতিয়ে দিল্লীলৈ লৈ যোৱা- সকলো এই অভিনয়ৰ অংশ। মানুহক আবেগিক কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা।
মইহে বুজা নাই, “বি’ টীম হ’লে কি লাভ হ’ব? মূল দলত খেলাৰ যোগ্যতা তেওঁৰ নাই নেকি? কংগ্ৰেছত, বা বি জে পিত?এটা সহজ বাটত গ’লে আমাৰ বাবেও কথাবোৰ সহজ হ’লহেঁতেন!বহু সহজ।২০১৬চনৰ পৰা পুৱা-গধূলি শুনি থকা চোৰৰ পুতেক, চোৰৰ ঘৈণীয়েক, মিঞাৰ এজেণ্ট আৰু বহু অশ্ৰাব্য গালি-অপমানৰ পৰা মুক্ত হ’লোহেঁতেন
অখিলৰ কি বেমাৰ হৈছে? ডাঙৰ প্ৰশ্ন! চিকিৎসালয়ত কি খাইছে, আৰু ডাঙৰ প্ৰশ্ন। এই পোন্ধৰ মাহ আমি কেনেকৈ জীয়াই আছো, তাতকৈও ডাঙৰ প্ৰশ্ন। কিন্তু ইয়াৰ উত্তৰ মই দিব নোৱাৰো। আপোনালোকে অখিলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে গঠন কৰা মেডিকেল ব’ৰ্ডক সোধক, কি হৈছে? কিয় পুনৰ কাৰাগাৰলৈ যাবলৈ দিয়া নাই? স্বাস্থ্যমন্ত্ৰী মহোদয়ক সোধক। তেখেতে নিশ্চয় সুন্দৰকৈ কব।

যদি একো বেমাৰ হোৱা নাই, অখিল পুনৰ জেললৈ যাওক। ময়ো তাকেই বিচাৰিম। এতিয়াতো জেইলৰ পৰা ওলোৱাৰ সকলো বাট বন্ধ কৰা হৈ গ’ল! কাইলৈ কংগ্ৰেছ বা বি জে পিৰ চৰকাৰ হ’ব। তাৰ আগত চীজাৰৰ মৃতদেহৰ আগত এন্টনিয়’ৰ বিখ্যাত ভাষণটো আকৌ দিয়া হ”ব! হয়তো বিধায়ক কিনা -বেচা হ’ব পাৰে। পক্ষ সলনাসলনি হ’ব পাৰে। সেইবোৰ সকলো সাধাৰণ কথা। তেনেই তুচ্ছ কথা।গণতন্ত্ৰ বা হিন্দুৰাষ্ট্ৰ ৰক্ষাৰ বাবে!
অখিল কেৱল জেইলত থাকক! আৰু, অখিলৰ পত্নী হোৱা সুত্ৰে পুৱা -গধূলি এই কথাখিনি লিখি থকা মানুহজনীয়ে কেৱল শুনি থাকক দূৰৰ পৰা ভাহি অহা সেই সুমধুৰ সম্বোধন, ঐ ৰেণ্ডি! (সকলোলৈ ক্ষমাপ্ৰাৰ্থনাৰে!)
গীতাশ্ৰী তামূলী