অসমট্ৰেণ্ডিং

এক ভয়ংকৰ ঘটনা আৰু সাংবাদিক আফনুৰৰ সাহস

নৱ পৰিণীতা পত্নীক সন্ধিয়া কৰ্মথলী GMCHৰ পৰা আনিবলৈ যাওঁতে সমুখত হঠাৎ দেখিলে এজন যুৱকে এগৰাকী নাৰ্চক ঘপিয়াইছে, যুৱতীগৰাকীয়ে সহায়ৰ বাবে চিঞৰিছে৷ আফনুৰে দৌৰ মাৰি নাৰ্চগৰাকীক বচাবলৈ যাওঁতে তাকো যুৱকজনে ঘাপ মাৰে৷ আফনুৰৰ লগতে নাৰ্চগৰাকী অতি সংকটজনক অৱস্থাত এতিয়া GMCHত চিকিৎসাধীন৷ আফনুৰৰ গালত ৩৪টা চিলাই পৰিছে৷ নাৰ্চগৰাকীৰ মূৰত বহু চিলাই পৰিছে৷ দুয়োগৰাকীৰে আশু আৰোগ্য কামনা কৰিছো৷ সহকৰ্মী হিচাপে আফনুৰৰ সাহস আৰু সহায়ৰ মনোভাৱত গৰ্বিত৷ এগৰাকী অসহায় যুৱতীক সহায় কৰিবলৈ গৈ, জীৱন বচাবলৈ গৈ তুমি ভয়ংকৰভাৱ আঘাতপ্ৰাপ্ত হৈছা, ভগৱানে তোমাক উদ্ধাৰ কৰক৷ (পংকজ বৈশ্য নামৰ অপৰাধী যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তেওঁ নিজকে JMCHৰ কৰ্মচাৰী বুলি পৰিচয় দিছে)

This article is written by প্ৰাণজিৎ শইকীয়া

Team Zillion Media

Zillion Media is a multilingual platform that produces and publishes original stories with an aim to inform, educate, and inspire young mindsets. Zillion Media helps and educates people about technology, history, entrepreneurship, business, environment, and more, through thoughtful, well-crafted, engaging, and informative content.

Related Articles

Back to top button